আইপিএল ২০২৬ৰ খেলুৱৈৰ তালিকা ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- ২০২৬ৰ সংস্কৰণৰ বাবে চূড়ান্ত কৰা হৈছে টাটা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ খেলুৱৈ নিলামৰ তালিকা ৷আবুধাবিত অনুষ্ঠিত হ’বলগীয়া নিলামত মুঠ ৩৫০জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। এই নিলামৰ বাবে মুঠ ১,৩৯০জন খেলুৱৈয়ে নাম পঞ্জীয়ন কৰিছিল। য’ৰ পৰা বাছনি কৰা হৈছে ৩৫০জন খেলুৱৈক। মঙলবাৰে প্ৰকাশিত আইপিএলৰ প্রেছ বিজ্ঞপ্তিত পোৱা তথ্য অনুসৰি এই তালিকাত ২৪০জন ভাৰতীয় আৰু ১১০জন বিদেশী খেলুৱৈক ৰখা হৈছে। বিজ্ঞপ্তিত এইটোও উল্লেখ কৰা হৈছে- ‘এই তালিকাত আছে ২২৪জন আনকেপড ভাৰতীয় খেলুৱৈৰ বিপৰীতে ১৪জন আনকে পড বিদেশী খেলুৱৈ। যিয়ে এই বছৰৰ নিলামৰ তালিকাত নিজৰ প্রতিভাৰে বেছ চর্চা লাভ কৰিছে। ১৬ ডিচেম্বৰত ফ্রেঞ্চাইজীসমূহে মুঠ ৭৭টা উপলব্ধ শ্লটৰ বাবে নিলামত অংশগ্রহণ কৰিব, ইয়াৰে ৩১টা বিদেশী খেলুৱৈৰ বাবে সংৰক্ষিত। সর্বোচ্চ সংৰক্ষিত মূল্য ধাৰ্য কৰা হৈছে ২ কোটি টকা আৰু এই শিতানত ৪০জন খেলুৱৈয়ে নিলামত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। শেহতীয়াকৈ এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা দক্ষিণ আফ্রিকাৰ উইকেটকীপাৰ বেটাৰ কুইন্টন ডি ক’ককো চূড়ান্ত তালিকাত অন্তর্ভুক্ত কৰা হৈছে। এই তালিকাত পলমকৈ নাম সংযোজন হোৱা ডি ক’কৰ ভিত্তি মূল্য হৈছে ১ কোটি টকা। অষ্ট্ৰেলিয়াৰ বেটছমেন ষ্টিভ স্মিথকো এই তালিকাত অন্তর্ভুক্ত কৰা হৈছে, যাৰ ভিত্তি মূল্য ২ কোটি টকা। স্মিথে শেষবাৰৰ বাবে ২০২১ চনত আইপিএল খেলিছিল। নিলামৰ প্রথমটো পৰ্যায়ৰ খেলুৱৈৰ ভিতৰত স্থান লাভ কৰিছে ভাৰতীয় ক্রিকেটাৰ পৃথ্বী শ্ব’ আৰু ছৰফৰাজ খানে। দুয়োগৰাকীৰে ভিত্তি মূল্য ৭৫ লাখ টকা। আইপিএলে প্রকাশ কৰা তালিকাত অষ্ট্ৰেলিয়াৰ দুজন খেলুৱৈ ক্রমে কেমেৰন গ্রীন আৰু জেক ফ্ৰেজাৰ-মেক গার্ক, নিউজিলেণ্ড আৰু চেন্নাই ছুপাৰ কিংছৰ প্ৰাক্তন অ’পেনাৰ ডেভ’ন ক’নৱে আৰু দক্ষিণ আফ্ৰিকাৰ ডেভিদ মিলাৰৰ প্ৰত্যেকৰে ভিত্তি মূল্য নির্ধাৰণ কৰা হৈছে ২ কোটি টকা। কলকাতা নাইট ৰাইডাৰ্ছে মুকলি কৰি দিয়া ভেংকটেশ আয়াৰৰ ভিত্তি মূল্যও ২ কোটি টকা নির্ধাৰণ কৰা হৈছে। আইপিএলৰ তিনিবাৰৰ বিজয়ী দল কে কে আৰে সর্বাধিক ৬৪.৩ কোটি টকাৰে অংশগ্রহণ কৰিব নিলামত। তাৰ পিছতে পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে ৪৩.৪ কোটি টকা আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে তৃতীয় সর্বাধিক ২৫.৫ কোটি টকা হাতত লৈ নিলামত অংশগ্ৰহণ কৰিব।
