আইপিএলৰ পৰা অৱসৰ গ্ৰহণ আন্দ্ৰে ৰাছেলৰ

Pc The Indian Express

আইপিএলৰ পৰা অৱসৰ গ্ৰহণ আন্দ্ৰে ৰাছেলৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ক্ৰিকেট অনুৰাগীয়ে আৰু আইপিএলত দেখিবলৈ নাপাব আন্দ্রে ৰাছেলক। বিগত ১৪টা বছৰে আইপিএলত নিজৰ শক্তি প্ৰদৰ্শন কৰা আন্দ্রে ৰাছেলে আইপিএলৰ পৰা অৱসৰৰ ঘোষণা কৰিছে। এক ভিডিঅ’ বাৰ্তাত নিজৰ সিদ্ধান্তৰ বিষয়ে জনাইছে ৰাছেলে । কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলপথাৰত নামিব বিচৰা নাই ৱেষ্ট ইণ্ডিজৰ তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে। জানিব পৰা মতে নীলামত তেওঁক চেন্নাই ছুপাৰ কিংছে ক্ৰয় কৰিব পাৰে। কিন্তু অৱসৰৰ সিদ্ধান্ত সদৰি কৰাৰ লগে লগে সেই আশাও নির্বাপিত হৈছে। ২০১২ চনত প্রথম দিলী কেপিটেলছৰ হৈ আইপিএল খেলিছিল ৰাছেলে। ২০১৪ চনত কলকাতাই ক্রয় কৰাৰ পিছত দলটোৰ অবিচ্ছেদ্য অংগ হৈ আছে ক্রিকেটাৰ গৰাকী। অৱশ্যে বিগত দুটা বৰ্ষত তেওঁৰ ফৰ্মক’লৈ প্ৰশ্নৰ উদয় হৈছিল। ফলত এইবাৰ নীলামৰ পূৰ্বে তেওঁক এৰি দিয়ে কলকাতা কর্তৃপক্ষই। ইয়াৰ পিছতে ৰাছেলে অৱসৰৰ সিদ্ধান্ত গ্ৰহণ কৰে।অৱশ্যে খেলুৱৈ কেৰিয়াৰ সামৰিলেও তেওঁ কলকাতা নাইট ৰাইডাৰ্ছ পৰিয়ালৰ অংশ হৈ থাকিব বুলিও ৰাছেলে নিশ্চিত কৰিছে।ৰাছেলে উল্লেখ কৰা মতে আগন্তুক সংস্কৰণত কলকাতাৰ ছাপ’ৰ্ট ষ্টাফত ‘পাৱাৰ কোচ’ হিচাপে তেওঁক নতুন ভূমিকাত দেখা পোৱা যাব। উল্লেখ্য যে ৰাছেলে ২০১২ চনত দিল্লী কেপিটেলছ (তেতিয়াৰ দিল্লী ডেয়াৰডেভিলছ)ৰ সৈতে আই পি এলত অভিষেক ঘটায়। ইয়াৰ পিছৰ সংস্কৰণত অৰ্থাৎ ২০১৪ চনত তেওঁ কলকাতা নাইট ৰাইডাৰ্ছত যোগ দিয়ে। তেতিয়াৰ পৰাই ৰাছেল কলকাতাৰ নিৰ্ভৰযোগ্য সদস্য হিচাপে প্ৰতিটো ছিজনতে দলটোক প্ৰতিনিধিত্ব কৰিছে। নিজ IPL কেৰিয়াৰত ৰাছেলে মুঠ ১৪০ খন মেচ খেলিছে। এই সময়ছোৱাত তেওঁ ১১৫টা ইনিংছত ২৮.২০ গড়ে আৰু ১৭৪.১৭ ষ্ট্ৰাইক ৰেটেৰে ২৬৫১ ৰান সংগ্ৰহ কৰে। বলিঙতো তেওঁ ১২১ ইনিংছত ১২৩টা উইকেট দখল কৰে।প্ৰতিযোগিতাৰ বিগত ছিজনত তেওঁ ১০ ইনিংছত ১৬৭ ৰান সংগ্ৰহ কৰাৰ লগতে ৮টা উইকেট দখল কৰে।