আইপিএলৰ উদ্বোধনী অনুষ্ঠান বাতিলৰ সিদ্ধান্ত ব’ৰ্ডৰ

Pc Crictoday

আইপিএলৰ উদ্বোধনী অনুষ্ঠান বাতিলৰ সিদ্ধান্ত ব’ৰ্ডৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে শনিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া আইপিএলৰ উদ্বোধনী অনুষ্ঠান বাতিল কৰিছে। বিগত বৰ্ষৰ ৪ জুনত ৰয়েলছ চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমবাৰৰ বাবে আইপিএলৰ খিতাপ জয়ৰ পিছত উদযাপিত বিজয় উৎসৱৰ সময়ত সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশত ১১জনকৈ লোকৰ মৃত্যু হৈছিল। ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে উক্ত ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্রতি সন্মান জনাই এইবাৰ আইপিএলৰ মুকলি অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। অৱশ্যে বিচিচিআই আৰু আইপিএল গৱর্নিং কাউঞ্চিলে ফাইনেলৰ দিনা অর্থাৎ ৩১ মে’ত এক বর্ণিল সামৰণী অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে বুলি বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই কয়। ব’ৰ্ডৰ সম্পাদকগৰাকীয়ে কয় যে ৪ জুনত সংঘটিত হোৱা কৰুণ ঘটনাৰ বাবে আইপিএলৰ প্ৰথমদিনা কোনো অনুষ্ঠান নাথাকিব। এইবাৰ বিচিচিআইৰ উদ্যোগত উদ্বোধনীৰ দিনটোত কোনোধৰণৰ সাংস্কৃতিক বা মনোৰঞ্জনমূলক অনুষ্ঠানৰ আয়োজন কৰা নাই। দুর্ঘটনাত মৃত্যু হোৱা লোকসকলক শ্রদ্ধাঞ্জলি জনোৱাৰ বাবে এই সিদ্ধান্ত গ্রহণ কৰা হৈছে। অৱশ্যে ফাইনেলৰ দিনটোত এক বৃহৎ অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছে। শনিবাৰে বেংগালুৰৰ চিন্নাস্বামী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত আইপিএলৰ উদ্বোধনী মেচখন অনুষ্ঠিত হ’ব।