আইপিএছ পাৰ্থসাৰথি মহন্তক সন্মানীয় ফেল’ নিযুক্তি আইআইটিৰ

আইপিএছ পাৰ্থসাৰথি মহন্তক সন্মানীয় ফেল’ নিযুক্তি আইআইটিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্ছ চমুকৈ এছ টি এফৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা মহাপৰিদৰ্শক ড৹ পাৰ্থসাৰথি মহন্তক আই আই টিৰ চেণ্টাৰ ফৰ ইণ্ডিয়ান নলেজ ছিষ্টেমে সন্মানীয় ফেল’ হিচাপে নিযুক্তি দিছে ।ড° পার্থসাৰথি মহন্তই এই প্রতিষ্ঠানৰ মর্যাদাপূর্ণ প্রকল্প ‘পণ্ডিত হেমচন্দ্র গোস্বামী মিছন ফৰ পপুলাৰাইজেছন অব ছায়েন্স এণ্ড আছামিজ কালচাৰ’ৰ প্রতি সক্রিয় অৰিহনা আগবঢ়াব। অসমীয়া সংস্কৃতি আৰু শিক্ষা জগতৰ পুৰোধা পণ্ডিত হেমচন্দ্র গোস্বামীৰ নামত নামকৰণ কৰা এই মিছনে অসমৰ স্কুল আৰু কলেজৰ ছাত্র-ছাত্রীসকলক STEM (Science. Technology, Engineering and Mathmatics) শিক্ষাক আঁকোৱালি লোৱাত উদ্‌গনি যোগাব। সমান্তৰালভাবে এই মিছনে ছাত্র-ছাত্রীসকলক অসমীয়া ভাষা-সংস্কৃতি আৰু সাহিত্যৰ প্রতি অনুৰাগী কৰি তুলিব। ড০ পার্থসাৰথি মহন্তৰ নেতৃত্ব আৰু পৰিকল্পনাত এই প্রকল্পৰ অধীনত STEM ৰ বিষয় সন্দর্ভত উদ্ভাবনী চিন্তা, উৎসুকতা বৃদ্ধি, অসমীয়া ঐতিহ্যক সংৰক্ষণ আৰু উদযাপনৰ বাবে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন, শৈক্ষিক প্রতিষ্ঠানৰ সহযোগত বিজ্ঞান শিক্ষা আৰু সাংস্কৃতিক বুজাবুজিৰ মাজত সাকো গঢ়াৰ আদি বিষয়ৰ কর্মশালা, আলোচনাচক্র আদি অনুষ্ঠিত কৰিব। আমেৰিকাৰ প্রতিষ্ঠিত চিকিৎসক, পণ্ডিত হেমচন্দ্র গোস্বামীৰ নাতি তথা পণ্ডিত হেমচন্দ্র গোস্বামী ফাউণ্ডেচেনৰ অধ্যক্ষ ড০ নৱ গোস্বামীয়ে এই প্রকল্প আৰম্ভ কৰিছে। চেন্টাৰ ফৰ ইণ্ডিয়া ন’লেজ ছিষ্টেমৰ মুৰব্বী অধ্যাপক উদয় এছ দীক্ষিতে এই প্রকল্পৰ প্রধান ইনভেস্টিগেটৰ হিচাপে সেৱা আগবঢ়াইছে। ৰাজহুৱা জীৱনত উল্লেখনীয় সেৱা আগবঢ়োৱা আৰু সমাজৰ উন্নয়নত আগবঢ়োৱা অৰিহণাৰ বাবে ড০ পার্থসাৰথি মহন্তক এই প্রকল্পৰ এক গুৰুত্বপূর্ণ দায়িত্ব প্রদান কৰা হৈছে। এই প্রকল্পত ড০ মহন্তৰ অংশীদাৰিত্বই বিজ্ঞান আৰু সংস্কৃতিৰ ক্ষেত্রখনত ব্যুৎপত্তি থকা শিক্ষার্থীসকলক অধিক আগ্রহী কৰিব বুলি আশা কৰা হৈছে। উল্লেখ্য যে পাৰ্থসাৰথি মহন্তই আৰক্ষীত বিভিন্ন পদক লাভ কৰাৰ সমান্তৰালভাৱে বিগত সময়ত চলচ্চিত্ৰ পৰিচালনাৰ বাবে কেইবাটাও সন্মানীয় ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।