আইন নমনা একাংশ ডাম্পাৰৰ উদ্ভণ্ডালিত অতিষ্ঠ মৈৰাবাৰীৰ জন সাধাৰণ

আইন নমনা একাংশ ডাম্পাৰৰ উদ্ভণ্ডালিত অতিষ্ঠ মৈৰাবাৰীৰ জন সাধাৰণ

মৈৰাবাৰী , ৰঙিলী বাৰ্ত্তাসেৱা- মৰিগাঁও জিলাৰ এখন ব্যস্ত অঞ্চল মৈৰাবাৰী।মৈৰাবাৰীৰ পথেদি নিতৌ চলাচল কৰে অগণন যান বাহন।যান বাহনৰ লগতে পদ- পথেদিও চলাচল কৰে হাজাৰ হাজাৰ জনগণ।কিন্তু মৈৰাবাৰী অঞ্চলত প্ৰাণৰ হংকাত চলাচল কৰিব লগা হয় সাধাৰণ জনগণ।কিয়নো অঞ্চলটোত শিল, বালি,আৰু ইটা ভাটাত মাটি কঢ়িওৱা ডাম্পাৰ আৰু ট্ৰেক্টৰৰ ড্ৰাইভাৰ সকলে নামানে কোনো যান বাহন আইন।একাংশ উদণ্ড ডাম্পাৰ,ট্ৰেক্টৰ চালকে সঘনাই সংগঠিত কৰে দুৰ্ঘটনা।প্ৰায় সংখ্যক ট্ৰেক্টৰ- ডাম্পাৰ চালকৰ নাই কোনো বৈধ নথি পত্ৰ,বহুতোৰে নাই কোনো লাইচেন্স।১৪-১৫ বছৰীয়া পৰিবহন আইনৰ সাধাৰণ জ্ঞান নথকা লাইচেন্স বিহীন কিশোৰে চলাই আছে ট্ৰেক্টৰ আৰু ডাম্পাৰবোৰ।ফলত সঘনাই দুৰ্ঘটনা সংগঠিত হৈ আহিছে অঞ্চলটোত।আহত হৈছে কেইবাগৰাকী স্কুলীয়া ছাত্ৰ ছাত্ৰী।আনকি দিনে নিশাই অঞ্চলটোত বৃদ্দি হোৱা ইটা ভাটাৰ মাটি কঢ়িওয়া গাড়ী সমূহৰ দৌৰাত্মই দিনে ৰাতিয়ে চলি থকাত নিদ্ৰা হৰণ কৰা বুলিও অভিযোগ উত্থাপন কৰিছে একাংশ ভুক্তভোগী ৰাইজে।নিশা বাৰ’টা বজালৈ বালি আৰু মাটি কঢ়িওয়া গাড়ীৰ শব্দই ছাত্ৰ ছাত্ৰী সকলৰ মনোযোগ দি পঢ়াতো অসুবিধাৰ সৃষ্টি কৰিছে। আনহাতে দিনত তীব্ৰ গতিত চলা ডাম্পাৰ আৰু ট্ৰেক্টৰৰ দ্বাৰা দুৰ্ঘটনা হোৱাৰ সংকাত ভুগিছে স্কুলীয়া ছাত্ৰ ছাত্ৰীও। মৰিগাঁও জিলা পৰিবহন বিভাগক হিগ্ৰে অঞ্চলটোত অবৈধ বাবে পৰিবহন আইন নমনা ডাম্পাৰ আৰু ট্ৰেক্টৰ চালক সকলক নাকী লগোৱাৰ ব্যৱস্থা লবলৈ সাধাৰণ ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে।