আইতাৰ সাধু-ৰশ্মি ৰেখা দুৱৰা

আইতাৰ সাধু

ৰশ্মি ৰেখা দুৱৰা

শীতৰ সন্ধিয়া জুইৰ কাষত বহি থকা
আইতাৰ কাষলৈ বাৰে বাৰে দৌৰোঁ
আইতাৰ মৰমৰ উমাল ল’বলৈ।
খুন্দনাত তামোল খুন্দি খায় থকা আইতাক
বাৰে বাৰে আমনি কৰোঁ
শীতৰ সেমেকা পৰত সাধু শুনাবলৈ,
পঢ়া টেবুলত যোৱাৰ আগে
আইতাৰ দাঁত নাইকিয়া মৰমলগা মাতটোত
সদায়েই শুনো নানান সাধু।
আইতাৰ সাধুত বিলীন হৈ
কোনোবা অজান দেশত বিচৰণ কৰোঁ,
আইতাই যেতিয়া কয় শুনিছনে বোপাহঁত?
তৎক্ষণাৎ ঘূৰি আহোঁ নিজ স্হানত
সঁচায়ে অতি আমোদজনক
আইতাৰ মুখেৰে বৈ অহা সাধুসুলভ কাহিনীবোৰ।
সাধু শুনাৰ মাজেৰে খুন্দা তামোলৰ
সোৱাদ লওঁ মাজে মাজে
মন ভৰি যোৱা কাহিনীৰে সুসজ্জিত,
আইতাৰ মৰমৰ উমালতাত
শীতৰ এক জীপাল সন্ধ্যা।