আইতাৰ মৰম
চন্দনপুৰ নামেৰে এখনি ঠাইত এটি পৰিয়ালে বাস কৰে। সেই পৰিয়ালটিত এটি শিশু, তাৰ দেউতাক, মাক আৰু আইতাক আছে। শিশুটি যেন প্ৰভাতৰ এটি ৰহণীয়া সূৰুজৰ কিৰণৰ দৰে। সি সকলো কাম ৰং মনেৰে কৰে। তাৰ বয়স পাঁচ বছৰ। সি যেন এতিয়াও দুখ, ভয়, আদি কথাবোৰ নাজানে। সি আইতাকক বৰ ভাল পায়। তাৰ মন কেতিয়াবা বেয়া লাগিলেও আইতাকৰ কোলাত শুই তেওঁৰ মিঠা মিঠা কথাৰে ভৰা সাধু শুনে। সি চিত্ৰ অংকন কৰিও ভাল পায়। তাৰ দেউতাক এজন সু-প্ৰতিষ্ঠিত অধ্যাপক আৰু মাক হৈছে এগৰাকী প্ৰবক্তা। শিশুটি অৰ্থাৎ নয়ন বৰ বিশাল মনৰ। কিন্তু ধেমালি অধিক কৰে। তাৰ মন আইতাকলৈয়ে গৈ থাকে। সৰুৰে পৰা তাক আইতাকৰ সমান কোনেও মৰম দিব পৰা নাই। তাৰ মাক দেউতাকে মহাবিদ্যালয়তে দিনটো পাৰ কৰি আবেলি আহে। তাৰ দিনটো বেছিকৈ আইতাকৰ সৈতে যায়। সি এইটো ভালো পাই। কিয়নো সি নৱ নৱ ৰসেৰে ভৰা নিৰ্ভীক বীৰৰ সাধু শুনিবলৈ পায়। তাৰ বয়সৰ অনুসৰি মানসিক বোজা বেছিকৈ পাইছে। তাৰ মাক দেউতাকে কেৱল পঢ়াৰ বোজা দি যায়। দুয়োৰে সপোন চন্দনপুৰৰ চান চাইন ইন্টাৰনেচনেল স্কুলত নাম লগোৱা। তাত নামভৰ্তি কৰিবৰ বাবে এটা পৰীক্ষা দিব লাগিব। সেই পৰীক্ষাটো পাছ কৰিলেহে নাম লগাব পাৰিব। সি ইফালে এটি আলফুলীয়া ফুলৰ পাহি। ইমান কম বয়সত সি তেনে এটা পৰীক্ষা দিলে মানসিক ভাৱে কিমান যে কষ্ট পাব। কেৱল পঢ়া পঢ়া আৰু পঢ়া। খেলা ধেমালি কৰা বয়সতো যে কিমান পঢ়াৰ বোজা। তাৰ অহা সপ্তাহত বিদ্যালয়ৰ পৰীক্ষা, আনহাতে অহা মাহত তাৰ সেই নতুনকৈ নামভৰ্তি কৰিব বিচৰা বিদ্যালয়খনৰ প্ৰৱেশ পৰীক্ষা। আইতাকে তাৰ মনৰ কথা বুজিব পাৰে, তাৰ কিমান কষ্ট হয়, কিমান মানসিক বোজা পায়। তাৰ মন ভাল লগাবলৈ আইতাকে তাক মিঠা মিঠা কথাৰে ভৰা সাধু শুনাই থাকে। তাৰ অশান্ত মন যেন আইতাকৰ কথাৰে, পাতল হৈ যায়। কেতিয়াবা আকৌ আইতাকে জ্যোতি, বিষ্ণুৰ সংগীত শুনাই তাৰ মন ভাল লগাবলৈ। এদিন আইতাক আৰু সি ৰং মনেৰে খেলি আছিল এনেতে নয়নৰ মাক আহে আৰু কবলৈ ধৰে – “নয়ন! তুমি পঢ়াৰ টেবুলত নাই যে! কিয়? পৰীক্ষা ওচৰ পাইছে। সোনকালে পঢ়াৰ টেবুলত যোৱা। এনেকৈ খেলি থাকিলে নহব।”
আইতাকে কয় – “বোৱাৰী! একো নহয় দিয়া। অকণমান খেলিবও লাগে। মানসিক বিকাশ হয়! হয়নে নয়ন।”
মাকে আকৌ কয় – “নহয় মা তাৰ দুটা গুৰুত্বপূৰ্ণ পৰীক্ষা আছে। নয়ন সোনকালে যোৱা।” সি নীৰৱে এটি সৰি পৰা তৰাৰ দৰে পঢ়াৰ টেবুললৈ গ’ল। সি আইতাকৰ সৈতে কিমান ৰং মনেৰে খেলি আছিল। মাক অহাৰ পাছত যেন সম্পূৰ্ণ পৰিৱেশটো সলনি হৈ গ’ল। সি পঢ়াৰ টেবুললৈ গ’ল। বিদ্যালয়ৰ পৰীক্ষাৰ বাবে সি পঢ়িয়েই থৈছিল। এইকেইদিন সি ভাবিছিল অলপ জিৰণি লব আৰু আইতাকৰ লগত খেলিব। কিন্তু নাই তাৰ মাকে জোৰ কৰি পঢ়াৰ টেবুললৈ পঠাই দিলে। আমি সকলোৱে পঢ়িব লাগে কিন্তু ইয়াৰ লগতে খেলা ধুলাৰো প্ৰয়োজন আছে। পঢ়াৰ ক্ষেত্ৰতে নহয় সকলো কামৰে এটা নির্দিষ্ট সীমা থাকে। যেনে এটা বেলুনত ভৰাৰ পৰা বতাহৰ এটা সীমা থাকে, যদি সীমাৰ বাহিৰ হয় তেন্তে সেই বেলুনটো ফুটি থাকিব। সকলোৰে এটা সীমা থাকে। আমি কেৱল পঢ়িবলৈ আৰু ডাঙৰ মানুহ হোৱাৰ সপোন দেখিবলৈ নহয়; দেশৰ বাবে, নাগৰিকৰ বাবে, সমাজৰ বাবে কাম কৰিবলৈ এই জীৱন পাইছোঁ। জীৱন হৈছে ঈশ্বৰে দান কৰা এটি সোণালী সুযোগ। নাইবা জীৱনক তীৰ্থ যাত্ৰা বুলি কলেও ভুল নহয়। কেইদিনমানৰ কাৰণেহে আমি অতিথি। এই সকলো কথা যেন নয়নৰ মাকৰ অজ্ঞাত। নয়নে পঢ়াৰ টেবুলতে পেঞ্চিলদাল কামুৰি কামুৰি ভাবিবলৈ ধৰিলে – “মায়ে মোক কেৱল পঢ়িবলৈয়ে কৈ থাকে। মোৰ খেলিবলৈও মন নাযায় নেকি? আইতায়ে সাধু এটা শুনাবলৈ ধৰিছিলহে। মোৰ মায়ে কিয় নুবুজে বাৰু! মই কেতিয়াবাই পঢ়ি শেষ কৰিলোঁ কিন্তু মায়ে নুবুজে এই কথাটো। আইতাৰ সাধুটো শুনিবলৈহে মন গৈ আছে। মন গলেও নোৱাৰিম!” দুঘণ্টামান পঢ়াৰ পাছত সি আইতাকৰ ওচৰলৈ আহিল আৰু কলে -“আইতা! মোক সাধুটো শুনোৱাচোন। মোৰ পঢ়ি হৈ গ’ল।”
আইতাকে মৰমেৰে কলে – “সোণটো! তোমাক মই এতিয়া কৰ্ণৰ কাহিনী শুনাম দেই!” নয়নে সোধে – “কৰ্ণ? কৰ্ণ কোন আইতা! কি হয় কৰ্ণ?”
আইতাকে কবলৈ ধৰিলে – “কৰ্ণ মহাভাৰতৰ এজন মহান দানবীৰ আছিল। তেওঁ মহাভাৰতত ত্যাগৰ প্ৰতীক। তেওঁৰ পৰা আমি বন্ধুত্বৰো অৰ্থ শিকিব পাৰো….!”
এনেকৈ আইতাকে তাক কৰ্ণৰ ত্যাগৰ কথাবোৰ সুন্দৰকৈ কলে। সি কৰ্ণৰ কাহিনীত কিবা এটা ৰস পাইছে। কৰ্ণৰ কাহিনী শুনি তাৰ মনটো বৰ পাতল পাতল লাগিছিল। সি ভাবিছিল যে এই ধৰণীত কেৱল সি হে দুখী। মাকে ভাত খাবলৈ মাতিলে। সি ভাত খাই শুই গ’ল। তাৰ বিদ্যালয়ৰ পৰীক্ষাৰ কাৰণে দুদিনৰ বাবে বন্ধ দিছে। বন্ধৰ বাবে সি আইতাকৰ সাধু শুনিবলৈ ধৰে। আইতাকে এটাৰ পাছত এটা শুনাই গ’ল। তাৰ মন ভাল লাগি গ’ল। কিন্তু হঠাৎ পুনৰ মাক আহে আৰু পৰিৱেশ সম্পূৰ্ণ বেলেগ হৈ যায়।
নয়নৰ মাকে উগ্ৰ হৈ কবলৈ ধৰে – “মা! আপুনি কিয় তাৰ সময় নষ্ট কৰি আছে। সি পঢ়িব লাগিছিল। আপোনাৰ সাধু শুনাতহে মগন।একো চিনিয়েই নাপাই। নয়ন পঢ়াৰ টেবুললৈ যোৱা!”
আইতাকে বুজাই – “বোৱাৰী! কেইবাৰ কম! তাক ইমান মানসিকভাৱে কষ্ট নিদিবা। সি এতিয়া পাঁচ বছৰীয়া হৈছেহে। আমি পাঁচ বছৰীয়া হৈ থাকোতে স্বৰ বৰ্ণ, ব্যঞ্জন বৰ্ণই নাজানো। আমি কেৱল খেল ধেমালি কৰি কটাইছিলোঁ!”
মাকে কলে – “নহয় মা! আপুনিয়েই ইয়াক বেয়া কৰিছে। ইয়াৰ পৰীক্ষাৰ দিন। কষ্টটো কৰিবই লাগিব। এতিয়া আৰু অতীতৰ কথা বেলেগ। আপোনাক আমি কালিলৈ ভাইটিৰ ঘৰত থৈ আহিম। যেতিয়ালৈকে ইয়াৰ পৰীক্ষা শেষ নহয় তেতিয়ালৈকে থাকিব লাগিব।”
এনেতে আইতাক নীৰৱে কোঠালৈ গ’লগৈ। পাছ দিনা নয়নৰ মাকে আইতাকক সৰু পুতেকৰ ঘৰত থৈ আহে আৰু নয়নক চাবলৈ আয়া এগৰাকীক মাতি আনে। আয়াগৰাকীয়ে কিবা সুধিলেও সি উত্তৰ নিদিয়ে, কেৱল প্ৰয়োজনতহে মাতে। সি মনে মনে ভাগি গৈছিল। তাৰ পঢ়াৰ বোজা আঁতৰিয়েই নাযায়। সি মাকৰ হুতা কথা শুনি হতাশ হৈ যায়। পিছে মাকে তাৰ ভৱিষ্যতৰ বাবেহে কৈছিল কিন্তু দোষটো মাকৰেই হয়। মাকে তাৰ ভৱিষ্যতৰ কথা ভাবি ভাবি যেন অন্ধ হৈ যায়। কণমানি নয়নেও কিনো জানে। সি মাকক বেয়া পায়, দেউতাককো বেয়া পায়। দেউতাকো একেই। এদিন সি টেবুলত বহি থাকোতে এটি চিত্ৰ অংকন কৰিবলৈ ধৰে। সি প্ৰাকৃতিক দৃশ্য অংকন কৰে। আচৰিত হবলগীয়া কথাটো হৈছে যে চিত্ৰটিত আকাশৰ ৰং ক’লা আৰু নদীখনৰ ৰং ৰঙা ৰঙৰ। চিত্ৰটি আঁকি হোৱাৰ পাছত তাৰ মূৰ ঘূৰাই আৰু অজ্ঞান হৈ যায়। আয়া গৰাকীয়ে শীঘ্ৰেই মাকলৈ ফোন কৰে আৰু জনাই। মাক দেউতাকে শীঘ্ৰে তাক হস্পিতেলত ভৰ্তি কৰাই। কিছু সময় ৰোৱাৰ পাছত ডাক্তৰে জনাই – “ছাৰ! বাইদেউ! ইমান ভয় কৰিবলগীয়া কথা হোৱা নাই। সি হতাশাত ভোগিছে। হতাশাত থকাৰ বাবে মূৰ ঘূৰণী হৈছিল। সি মানসিক ভাৱে বহুত বোজা পাইছে।”
ডাক্তৰে কিছু বিজ্ঞানৰ কথাৰে বুজাই দিয়ে আৰু পাছত সোধে – “পিছে সি ইমান বোজা কেনেকৈ পালে?” মাক-দেউতাক নীৰৱে থাকিল। দুয়োৱে নিজৰ নিজৰ ভুলৰ বাবে অনুসূচনা কৰিলে। ঈশ্বৰক সেৱা জনালে বিপদৰ পৰা মুক্তি পাবৰ বাবে। মাক দেউতাকে নিজৰ ভুল বুজে আৰু ভৱিষ্যতত তেনে নকৰোঁ বুলি ভাবে। কিছু ঘণ্টাৰ পাছত নয়নে সাৰ পায়। সি আইতাকক মাতিবলৈ ধৰে। মাকে শীঘ্ৰেই দেউতাকক নয়নৰ মৰমৰ আইতাকক আনিবলৈ পঠাই। কিছু সময় পাছত আইতাক হস্পিতেল পায়।
আইতাকে মৰমেৰে মাতে – “সোণটো! আমি খেলিম দেই ঘৰত।”
সি দুখ মনেৰে কয় – “মায়ে খেলিবলৈ নিদিব।”
মাকৰ দুধাৰি চকুলো বৈ আহিল আৰু মূৰত হাত বুলাই বুলাই কবলৈ ধৰিলে – “দেহা! মোক ক্ষমা কৰি দিবা। মই তোমাৰ ভৱিষ্যতৰ বাবেহে পঢ়িবলৈ কৈছিলোঁ কিন্তু মই এই কথাটোতে ইমান অন্ধ হৈ গ’লো যে তোমাৰ কথা ভাবিবলৈয়ে সময় নাপালোঁ। আজিৰ পৰা তুমি আইতাৰ লগত যিমান মন যায় সিমান খেলিব পাৰিবা। মই বাধা নিদিওঁ তোমাক। দেই দেহা!”
মাক দেউতাকে আইতাকৰ ভৰিত ধৰি হুক হুকাই কান্দি উঠিলে আৰু কলে – “মা! আমাক ক্ষমা কৰি দিয়ক।”
আইতাকে সন্তোষৰ হাঁহি এটি মাৰি কলে – “একো নাই দিয়া! তোমাকলোকে কথাখিনি যেন উচিত সময়ত বুজি পালা মোৰ বাবে সেয়ে যথেষ্ঠ!”
দেউতাকে মিচিকিয়াই কয় – “মই নতুন নতুন খেলনা বস্তু লৈ আনিম তোমাৰ কাৰণে!”
নয়নে মিচিকিয়াই হাঁহি আইতাকক সাৱটি ধৰে। ইয়াৰ পাছৰ পৰাই নয়নে আইতাকৰ সৈতে হেঁপাহ পলুৱাই খেলিলে। সকলো পৰিস্থিতি নিয়ন্ত্ৰণ হৈ গ’ল। ইয়াকে কয় – “বুঢ়াৰ কথা নুশুন ডেকা, টানত পৰি কিয় কেঁকা”।
নিতিষ্মান দাস