আইচিচি টেষ্ট ৰেংকিঙৰ শীর্ষস্থানত ৰবীন্দ্ৰ জাদেজা

আইচিচি টেষ্ট ৰেংকিঙৰ শীর্ষস্থানত ৰবীন্দ্ৰ জাদেজা

 ৰঙিলী বাৰ্ত্তাসেৱা- টীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ বিশ্ব অভিলেখ। বিশ্ব ক্রিকেটৰ সৰ্বোচ্চ সংস্থা আইচিচিয়ে শেহতীয়াকৈ প্ৰকাশ কৰা ৰেংকিঙৰ অলৰাউণ্ড শাখাত ৰবীন্দ্ৰ  জাদেজাই শীর্ষস্থানটো নিজৰ দখলতে ৰাখিবলৈ সক্ষম হৈছে। ইয়াৰ লগে লগে সর্বাধিক দিন ধৰি টেষ্ট ৰেংকিঙৰ অলৰাউণ্ড শাখাৰ শীর্ষস্থান দখল কৰি ইতিহাস ৰচে ৰবীন্দ্ৰ জাদেজাই। টীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে ক্রমাগত ১১৫১দিন ধৰি অলৰাউণ্ড শাখাৰ শীৰ্ষস্থানটো নিজৰ দখলতে ৰাখিবলৈ সক্ষম হৈছে। দক্ষিণ আফ্রিকাৰ জেক কালিচ, ভাৰতৰ কপিল দেৱ আৰু পাকিস্তানৰ ইমৰান খানৰ দৰে কিংবদন্তিক অতিক্ৰম কৰা ৰবীন্দ্ৰ জাদেজাই ২০২২ চনৰ ৯ মাৰ্চৰ পৰা টেষ্ট ৰেংকিঙৰ অলৰাউণ্ড শাখাৰ শীৰ্ষস্থানটো অধিকাৰ কৰি আছে। আইচিচি টেষ্ট ৰেংকিঙৰ অলৰাউণ্ড ৰেংকিঙত ৪০০ পইন্ট অৰ্জন কৰি জাদেজাই শীর্ষস্থানটো নিজৰ দখলতে ৰাখিছে। মন কৰিবলগীয়া যে ২০১৭ চনত জাদেজাই টেষ্ট ৰেংকিঙৰ অলৰাউণ্ড শাখাৰ শীৰ্ষস্থান দখল কৰিছিল যদিও তেওঁ মাত্ৰ এসপ্তাহৰ বাবেহে শীর্ষস্থানত উপবিষ্ট আছিল। ২০২২ চনৰ মাৰ্চ মাহৰ পৰা জাদেজাই ২৩খন টেষ্টত ১১৭৫ ৰান কৰাৰ লগতে ৯১টা উইকেটো দখল কৰিবলৈ সক্ষম হৈছিল। শেহতীয়াকৈ আইচিচিয়ে প্রকাশ কৰা ৰেংকিঙৰ অলৰাউণ্ড শাখাত বাংলাদেশৰ মেহেদী হাছান মিৰাজে দ্বিতীয় আৰু দক্ষিণ আফ্ৰিকাৰ মাৰ্কো জানছেনে তৃতীয় স্থানটো অধিকাৰ কৰি আছে। উল্লেখ্য যে অলৰাউণ্ড শাখাৰ শীৰ্ষ দহত স্থান লাভ কৰা জাদেজাই হ’ল একমাত্ৰ ভাৰতীয় খেলুৱৈ।