আইচিচিৰ নতুন অধ্যক্ষ হিচাপে নির্বাচিত জয় শ্বাহ
ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আইচিচিৰ অধ্যক্ষ হিচাপে নির্বাচিত হ’ল ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ সম্পাদক জয় শ্বাহ। বিনাপ্রতিদ্বন্দ্বিতাৰে আইচিচিৰ নতুন অধ্যক্ষ হিচাপে নির্বাচিত হয় জয় শ্বাহ। আইচিচিৰ অধ্যক্ষ পদৰ বাবে যোৱাকালি মনোনয়ন দাখিলৰ অন্তিম দিন আছিল। জয় শ্বাহৰ বাহিৰে আন কোনোৱে উক্ত পদৰ বাবে মনোনয়ন দাখিল কৰা নাছিল। ফলত বিচিচিআইৰ সম্পাদকগৰাকীয়ে বিনাপ্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰে। বিশ্ব ক্ৰিকেটৰ ইতিহাসত আটাইতকৈ কম বয়সীয়া হিচাপে আইচিচিৰ অধ্যক্ষ হিচাপে জয় শ্বাহ নির্বাচিত হয়। মাত্র ৩৫ বছৰ বয়সতে জয় শ্বাহে এই দায়িত্ব লাভ কৰে। উল্লেখ্য যে জয় শ্বাহ পঞ্চমগৰাকী ভাৰতীয় হিচাপে আইচিচিৰ অধ্যক্ষ পদত নিযুক্ত হয়। জয় শ্বাহৰ পূৰ্বে জগমোহন ডালমিয়া, শাৰদ পাৱাৰ, এন শ্রীনিৱাসন আৰু শশাংক মনোহৰ আইচিচিৰ অধ্যক্ষ হিচাপে নির্বাচিত হৈছিল। জয় শ্বাহে চলিত বৰ্ষৰ ১ ডিচেম্বৰৰ পৰা নতুন দায়িত্ব গ্রহণ কৰিব। নতুন দায়িত্ব লাভ কৰি জয় শ্বাহে কয় যে আইচিচিৰ অধ্যক্ষ হৈ মই অতি সুখী। মোৰ দল আৰু মই সমগ্ৰ বিশ্বতে ক্ৰিকেটৰ উন্নতিৰ বাবে কাম কৰিম। আমি এনে এটা সময়ত থিয় দিছোঁ, য’ত ক্ৰিকেটৰ বিভিন্ন ফৰমেটৰ মাজত ভাৰসাম্য ৰক্ষাৰ প্রয়োজন আছে। সেই সমান্তৰালকৈ ক্রিকেটতো আহি আছে নতুন প্রযুক্তি। ক্ৰিকেটৰ পৰিসৰ বাঢ়িছে। এই পৰিস্থিতিত আমি ক্রিকেটক আৰু অধিক জনপ্ৰিয় কৰি তোলাৰ কাম আৰম্ভ কৰিম। উল্লেখ্য যে আইচিচিৰ বৰ্তমানৰ অধ্যক্ষ গ্রেগ বার্কলেই তৃতীয়বাৰৰ বাবে আইচিচিৰ অধ্যক্ষ হ’বলৈ বিচৰা নাছিল। অহা নৱেম্বৰ মাহত তেওঁৰ কাৰ্যকাল অন্ত পৰিব। পৰৱৰ্তী অধ্যক্ষ কোন হ’ব সেই সন্দর্ভত দীর্ঘদিন ধৰি চলি আছিল জল্পনা-কল্পনা। এই দৌৰত আগবাঢ়ি আছিল বিচিচিআইৰ সম্পাদক আৰু এছিয়ান ক্রিকেট সন্থাৰ সভাপতি জয় শ্বাহ। অৱশেষত ভবামতেই জয় শ্বাহ আইচিচিৰ নতুন অধ্যক্ষ হিচাপে নির্বাচিত হয়।