আইচিচিচিৰ নতুন চিইঅ’ হিচাপে সংযোগ গুপ্তা নিযুক্তি
ৰঙিলী বাৰ্ত্তাসেৱা- আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ(আইচিচি)য়ে সংযোগ গুপ্তাক নতুন মুখ্য কার্যবাহী বিষয়া(চিইঅ’) হিচাপে নিযুক্তি দিছে। এই তথ্য দি আই চি চিয়ে কয় যে সংযোগ গুপ্তা সংবাদ মাধ্যম, মনোৰঞ্জন আৰু ক্ৰীড়া জগতৰ এজন সন্মানীয় ব্যক্তি। বিভিন্ন ক্ষেত্ৰত দুটা দশকৰ অভিজ্ঞতাৰে আই চি চিলৈ আহিছে। সংযোগ গুপ্তাই আইচিচিৰ ইতিহাসৰ সপ্তম চিইঅ’ হিচাপে দায়িত্ব গ্রহণ কৰিছে। আইচিচিচিৰ চেয়াৰমেন জয় শ্বাহে তেওঁৰ নিযুক্তিৰ বিষয়ে কয়, “খেল কৌশল আৰু বাণিজ্যিকীকৰণ ক্ষেত্ৰত সংযোগৰ বিস্তৃত অভিজ্ঞতা আছে, যিয়ে আইচিচিৰ বাবে অমূল্য সম্পদ হব।” এই পদৰ বাবে ২৫খন দেশৰ পৰা ২,৫০০তকৈ অধিক আবেদন আহিছিল। আইচিচিচিৰ HR আৰু ৰেমুনেৰেশ্বন কমিটিয়ে ১২জন প্রার্থীক চূড়ান্ত কৰিছিল, আৰু শেষত নমিনেশ্বন কমিটীৰ পৰামৰ্শত বোর্ডে সংযোগ গুপ্তাক নিযুক্তি দিয়ে। সংযোগ গুপ্তা আইচিচিৰ চিইঅ’ নিযুক্ত হোৱাৰ আগতে JioStar-ত CEO Sports and Experience হিচাপে কাৰ্যৰত আছিল। তেওঁৰ ২০ বছৰতকৈ অধিক মিডিয়া আৰু স্প’ৰ্টছ অভিজ্ঞতা আছে। তেওঁ ২০০৪ চনত Star News Indiaৰ সৈতে সাংবাদিক হিচাপে যাত্রা আৰম্ভ কৰে। তাৰ পিছত তেওঁ বহুতো শীর্ষস্থানীয় মিডিয়া প্রতিষ্ঠানত কাম কৰে। ২০২০ চনত Disney Star-ৰ Sports Head হিচাপে নিযুক্ত হৈছিল। ২০২৪ চনত Disney Star আৰু Viacom-18 মার্জ হোৱাৰ পিছত তেওঁ JioStarৰ CEO হয়।