আইচিইউৰ পৰা ওলালেও শংকামুক্ত নহয় শ্রেয়াছ আয়াৰ

Pc Cricbuzz.com

আইচিইউৰ পৰা ওলালেও শংকামুক্ত নহয় শ্রেয়াছ আয়াৰ

ৰঙিলী বাৰ্ত্তাসেৱা- আইচিইউৰ পৰা ওলালেও এতিয়াও শংকামুক্ত নহয় টীম ইণ্ডিয়াৰ তাৰকা ক্রিকেটাৰ শ্ৰেয়াছ আয়াৰ। আগন্তুক ৪৮ ঘণ্টা ক্রিকেটাৰগৰাকীৰ বাবে হ’ব অতি গুৰুত্বপূৰ্ণ। যোৱা শনিবাৰৰ পৰা শ্রেয়াছ আয়াৰক ছিডনীৰ এখন চিকিৎসালয়ত ভর্তি কৰা হৈছিল আৰু তেওঁৰ আঘাত গুৰুতৰ হোৱাত লগে লগে আইচিইউত ভর্তি কৰা হৈছিল। অৱশ্যে ক্রিকেটাৰগৰাকীক আইচিইউৰ পৰা মুকলি কৰি দিয়া হয় যদিও অতি কমেও তেওঁ চিকিৎসালয়খনত এসপ্তাহ থাকিব লাগিব। ইপিনে শ্রেয়াছ আয়াৰৰ আঘাত গুৰুতৰ হোৱাত ক্রিকেটাৰগৰাকীৰ পৰিয়ালক জৰুৰীভাৱে অষ্ট্ৰেলিয়ালৈ নিয়াৰ ব্যৱস্থা কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডে। পৰিয়ালটোৰ বাবে ভিছাৰ ব্যৱস্থা কৰিছে বিচিচিআয়ে। সম্ভৱতঃ শ্রেয়াছৰ ভনীয়েক ছিডনীলৈ যাব, পৰিয়ালৰ আন এজন সদস্যও তেওঁৰ লগত যাব পাৰে। ব’ৰ্ডৰ এক সূত্ৰত প্রকাশ যে শ্রেয়াছৰ ভগ্নীৰ সকলো নথি-পত্ৰ প্ৰস্তুত কৰা হৈছে। অৱশ্যে তেওঁৰ লগত আৰু কোন যাব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শনিবাৰে ছিডনীত খেলা তৃতীয় তথা অন্তিমখন এদিনীয়া ঘৰুৱা দলটোৰ এলেক্স কেৰীৰ কেচ আয়ত্ত কৰাৰ সময়তে গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয় শ্রেয়াছ আয়াৰ। আঘাত ইমানেই গুৰুতৰ আছিল যে ক্রিকেটাৰগৰাকীক লগে লগে ছিডনীৰ এখন চিকিৎসালয়ৰ আইচিইউত ভর্তি কৰোৱা হয়। শ্রেয়াছে বাঁওফালৰ কামিহাড়ত আঘাত পায়। প্লীহাৰ আঘাতৰ বাবে আভ্যন্তৰীণ ৰক্তক্ষণৰ সমস্যাত ভুগিছে শ্রেয়াছ আয়াৰ। আভ্যন্তৰীণ ৰক্তক্ষৰণৰ বাবে যাতে এই সংক্রমণ শৰীৰৰ অন্য স্থানলৈ বিয়পি নাযায়, তাৰ বাবে চিকিৎসকে চেষ্টা চলায় আৰু সফলতা লাভ কৰে।শেহতীয়া খবৰ মতে, শ্রেয়াছ আয়াৰৰ বৰ্তমান শাৰীৰিক অৱস্থা সুস্থিৰ আৰু উন্নতি হৈছে। অৱশ্যে ক্রিকেটাৰগৰাকীক অধিক পৰ্যবেক্ষণৰ বাবে চিকিৎসালয়খনত আৰু এসপ্তাহ ৰখা হ’ব বুলি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ এক বিবৃতিত এই কথা সদৰী। ‘স্কেনত প্লীহাত ছিদ্র হোৱাটো ধৰা পৰিছে। চিকিৎসকৰ তৎপৰতাত ক্রিকেটাৰগৰাকী কিছু সুস্থ হৈ উঠিছে। ছিডনী আৰু ভাৰতৰ বিশেষজ্ঞৰ সৈতে আলোচনা কৰি বিচিচিআইৰ চিকিৎসকৰ দলে তেওঁৰ আঘাতৰ অৱস্থা তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আছে। ভাৰতীয় দলৰ চিকিৎসকগৰাকীয়ে ক্রিকেটাৰগৰাকীৰ দৈনন্দিন অগ্ৰগতিৰ মূল্যায়ন কৰিবলৈ শ্রেয়াছৰ সৈতে ছিডনীত থাকিব।’ বিচিচিআইৰ বিবৃতিত প্রকাশ। উল্লেখ্য যে প্রথম অৱস্থাত শ্রেয়াছ আয়াৰে প্ৰায় তিনি সপ্তাহ ধৰি খেলপথাৰৰ পৰা আঁতৰি থাকিব লাগিব বুলি আশা কৰা হৈছিল যদিও এতিয়া আৰোগ্য লাভৰ সময় বেছি হোৱাৰ সম্ভাৱনা আছে।