আইএএছএছটিৰ প্ৰতিষ্ঠা দিৱস পালন

আইএএছএছটিৰ প্ৰতিষ্ঠা দিৱস পালন

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অন্তৰ্গত , গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অব এডভান্স ছায়েন্স এণ্ড টেকন’লজি চমুকৈ আইএএছএছটিৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস বৃহস্পতিবাৰে  দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়৷পুৱা  পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে  প্ৰতিষ্ঠানখনৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীয়ে৷তাৰ পাছত  প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মুকলি সভা অনুষ্ঠিত হয়৷ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীৰ আদৰণি ভাষণেৰে শুভাৰম্ভ হোৱা মুকলি সভাত ভাষণ প্ৰদান কৰে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সচিব বৰি চন্দ্ৰশেখৰ ,  বিভাগৰ প্ৰাক্তন সচিব আৰু আইএনএছএৰ সভাপতি অধ্যাপক আশুতোষ শৰ্মা আৰু আই ডিৰ মুৰব্বী ড° এম মহান্তিয়ে৷আনহাতে প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটাপ্ৰাপক তথা আইএএছএছটিৰ প্ৰতিষ্ঠাপক উদ্ধোধক ড° দৰথী হডস্কিন আৰু পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটাপ্ৰাপক ড° চি ভি ৰামণৰ নামত দুটা জনপ্ৰিয় বিজ্ঞান বিষয়ক বক্তৃতাৰ আয়াজন কৰা হয়৷বক্তৃতা প্ৰদান কৰে ক্ৰমে  গুজৰাটৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ উপাচাৰ্য অধ্যাপক ৰমা শংকৰ ডুবে আৰু কলকাতাস্থিত এছএনবিএনচিবিএছৰ সঞ্চালক অধ্যাপক তনুশ্রী সাহা দাসগুপ্তাই৷তেনেদৰে ভৌতিক আৰু জীৱ বিজ্ঞান বিষয়ৰ ওপৰত অনুষ্ঠিত  হোৱা বক্তৃতাত বক্তৃতা প্ৰদান কৰে ক্ৰমে  পুণেস্থিত আগাৰকাৰ  ইনষ্টিটিউটৰ সঞ্চালক ড° প্ৰশান্ত দেখভালকাৰ ,  মণিপুৰৰ ইম্ফলস্থিত আইবিএছডিৰ সঞ্চালক অধ্যাপক পুলক কুমাৰ মুখাৰ্জী আৰু কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই৷আনহাতে সভাত বিগত বৰ্ষত আইএএছএছটিৰ পৰা পিএইছডি ডিগ্ৰী লাভ কৰা গৱেষক শিক্ষাৰ্থী সকলক মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়৷বিয়লিৰ পৰা সন্ধিয়ালৈ  অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীত প্ৰতিষ্ঠানখনৰ গৱেষক শিক্ষাৰ্থীসকলে নৃত্য প্ৰদৰ্শন , গীত আৰু  বাৰে ৰহনীয়া অনুষ্ঠান পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে ।