আইআইটি গুৱাহাটীত দ্ৰৌপদী মুৰ্মুৰ কেইবাটাও আধাৰশিলা স্থাপন কাৰ্যসূচী সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় বায়ু সেনাৰ বিশেষ হেলিকপ্টাৰযোগে গুৱাহাটীত উপস্থিত হৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পোনপটীয়াকৈ আইআইটি গুৱাহাটীত উপস্থিত হয়।আইআইটি গুৱাহাটীত ৰাষ্ট্ৰপতি গৰাকীয়ে কামৰূপা ছুপাৰ কম্পিউটাৰৰ আধাৰশিলা স্থাপন কৰে। গুৱাহাটীৰ আই আই টিত অনুষ্ঠিত অনুষ্ঠানৰ পৰা ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰ্চুৱেলী ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল মুকলি কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ লগত এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল অধ্যাপক জগদীশ মুখী উপস্থিত আছিল । উল্লেখ্য, ১০৮ বিঘা ভূমিত নিৰ্মাণ কৰা চিকিৎসা মহাবিদ্যালয়খনত ১৫ নৱেম্বৰৰ পৰা এম বি বি এছৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে। মুঠ ১০০ গৰাকী শিক্ষাৰ্থীয়ে পাঠদান কৰিব এই চিকিৎসা মহাবিদ্যালয়ত। ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালখন মুকলিৰ লগে লগে ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৯খনলৈ বৃদ্ধি পালে।