আঁহতগুৰি হাইস্কুলত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক বিনোদ বৰাৰ স্মৃতিত তোৰণ উন্মোচন

আঁহতগুৰি হাইস্কুলত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক বিনোদ বৰাৰ স্মৃতিত তোৰণ উন্মোচন

‘আত্মোৎসৰ্গী ভাৱাপন্ন লোকক সময়ে কেতিয়াও নাপাহৰে’—ডঃ দেৱজিৎ শইকীয়া

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- ‘আত্মোৎসৰ্গী ভাবাপন্ন লোকক সময়ে কেতিয়াও নাপাহৰে। বিনোদ বৰাও আছিল এজন আত্মোৎসৰ্গী মনোভাৱাপন্ন লোক। মাজুলীৰ শৈক্ষিক উত্তৰণত বৰাৰ অৱদান অনস্বীকাৰ্য। ১৯৬১ চনতে কটন কলেজৰ পৰা বিজ্ঞানৰ স্নাতক উপাধি লাভ কৰা বিনোদ বৰা পিছপৰা নামনি মাজুলীৰ বাবে আছিল সাহস আৰু প্ৰেৰণা”—এই বক্তব‍্য মাজুলী মহাবিদ‍্যালয়ৰ অধ‍্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ। নামনি মাজুলীৰ উচ্চ মাধ‍্যমিক শিক্ষাৰ বাটকটীয়া অনুষ্ঠান আঁহতগুৰি হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক, শিক্ষাবিদ বিনোদ বৰাৰ পৱিত্ৰ স্মৃতিত পৰিয়ালবৰ্গই দান দিয়া সোঁৱৰণী তোৰণখনি আজি শুভ উন্মোচন কৰি ডঃ শইকীয়াই এইদৰে কয়। ডঃ শইকীয়াই লগতে কয়—১৯৫২ চনতে মাজুলীৰ নামনি অংশত এই বিদ‍্যালয় প্ৰতিষ্ঠা কৰি এক বৃহৎ অঞ্চলত জ্ঞানৰ জেউতি বিলাবলৈ প্ৰয়াস কৰা বিনোদ বৰা এগৰাকী ঋষিতুল‍্য ব‍্যক্তি। বিনোদ বৰা স্মৃতি তোৰণ উন্মোচনৰ সৈতে সংগতি ৰাখি বিদ‍্যালয়খনিত আয়োজিত সভাখনত সভাপতিত্ব কৰে হাইস্কুলখনিৰ অৱসৰী প্ৰধান শিক্ষক ৰামেশ্বৰ দলেয়ে। প্ৰধান শিক্ষক বিষ্ণু শইকীয়াই আঁত ধৰা সভাখনিত বিনোদ বৰাৰ পৰিয়ালৰ তৰফৰ পৰা সহধৰ্মিণী তথা অৱসৰী প্ৰধান শিক্ষয়িত্ৰী হীৰামাই বৰাই বিনোদ বৰাৰ ত‍্যাগ আৰু আদৰ্শৰ বিষয়ে কয়। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বালন কৰি খাৰজানপাৰ হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক ললিত চন্দ্ৰ হাজৰিকাই বিনোদ বৰাৰ কৰ্তব‍্যনিষ্ঠা আৰু অধ‍্যৱসায়ী প্ৰচেষ্টা সম্পৰ্কে ব‍্যাখ‍্যা কৰে। সভাত প্ৰাক্তন প্ৰধান শিক্ষক কমল চন্দ্ৰ বৰা, প্ৰাক্তন প্ৰধান শিক্ষক বিশ্বজিত দাস, সমাজকৰ্মী উমাকান্ত পঠৰি, মহাবীৰ দাস, জোনাকী জাতীয় বিদ‍্যালয়ৰ প্ৰধান শিক্ষক বিপুল কুমাৰ বৰুৱা, মাজুলী জিলা সাহিত‍্য সভাৰ সম্পাদক সঞ্জীৱ বৰা, শিক্ষাবিদ খগেন হাজৰিকা, চন্দ্ৰকান্ত বৰা, হেমন্ত মেধি, অজিত মুক্তিয়াৰ, বেণু নেৱাৰ, দীপক বৰা, নুৰুল হক চৌধুৰী, সাংবাদিক যদু কলিতা, আঁহতগুৰি হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি আনন্দ ওজা, অজিত পেগু,  মনোৰাম বৰা, পৰিয়ালবৰ্গৰ হৈ আশাপূৰ্ণা বৰা, বৰুণ ভৌমিক প্ৰমুখ‍্যে বিশিষ্ট ব‍্যক্তিৰ উপৰিও শতাধিক শিক্ষাৰ্থী উপস্থিত থাকে।