আঁচনি
স্বাগন বৰা, কলিয়াবৰ
এই আঁচনি বুলা শব্দতিয়ে লুভীয়া
কৰিছে নেকি অসমীয়া জাতি
ৰজা আহিছে ৰজা গৈছে
কিন্ত আচনি দিয়ে আছে
কোনোৱে দিছে আঠুৱা সূতা কম্বল
কোনোৱে দিছে টকা
ৰজা ধনী হৈছে পজা ভিক্ষাৰী হৈছে
মাটি বেছি ছাগলী মাংস ভাত খাইছে
গামোচা আৰু শুকান চাহ গছৰ পাতবোৰেই
থাকিবগৈ চাগে অসমীয়া হৈ
জাতীয় সংগঠনৰ পৰিচয় হ’ব গৈ নেকি
বগা ইনভা বাহন
ৰাইজ আচনি ল’বলৈ নাপাহৰিব দেই
ৰজা আছে পাৰত ৰাইজ আজি
খালত
উঠিবলৈ ৰাষ্টা দিয়া নাই চেলফিল্টাৰ
লগাই পানী দিছে সাতুৰিবলে
দৰিকনা মাছ দিছে খাবলে
