‘অ’ ৰ বিলৈ – ইভা গন্ধীয়া ফুকন

‘অ’ ৰ বিলৈ

ইভা গন্ধীয়া ফুকন

অকলে তোমাৰ মুখামুখি হোৱাৰ পৰত
অজানিতে
অবুজ শিহৰণ জাগিছিল দেহত!
অ- ই তুমি বাৰু দেখিছানে
অলেখ সেউজীয়া মোৰ দেহত!
অভিসাৰৰ সেই মধুৰ আবিৰ সনা—–
অঘৰী নৈবোৰৰ দৰে বিষন্ন
অপেক্ষাৰ বালিচৰত নূপুৰৰ দুভৰি——
অধীৰ—
অপেক্ষাৰে—
অজস্র পাৰ্থনাৰে বিপুল প্ৰত্যাশী—-
অনামিকা আঙুলিত তোমাৰ নামৰ চিহ্ন লবলৈ!
অথচ বুকুৰ মাজত মৃদু ধপ- ধপনি
অনবৰতে বাজি থাকে—-
অচেতন মনৰ প্রজ্ঞা—–
অতীব্র ধুমুহা,
অশান্ত উৰ্মিমালা——
অলপ জোৰেৰে আহিছে বৰষুণ
অপ্ৰাপ্তিত উপঙিছে মোৰ দৈনন্দিন!
অনুষ্টুপীয়াকৈ হ’লেও নিয়মটোকে কৰিবা—-
অবিবাহিতা ৰাজ কন্যাৰ গৰ্ভত স্থিতি লৈ
অনাহুত,
অনাকাঙ্খিত সন্তান কৰ্ণ
অনেক গুণৰ
অধিকাৰী হৈয়ো
অভিশপ্ত হৈছিল মিছা পৰিচয়েৰে দীক্ষিত হৈ!
অনুৰূপ
অকল্পিত ভুল কৰিব খোজা নাই মই
অম্লান হাঁহি উঠে বিৰিঙি——
অনুভৱৰ দুৱাৰ খুলি
অতীতৰ গুপ্ত
অভিসাৰৰ স্মৃতি—
অকলে কান্দিব নোখোজো
অযুত চকুলোৰে ভিক্ষাৰিনীৰ ৰূপত!
অতপৰে
অপেক্ষা
অৰ্পণ পূজাৰ বেদীত
অৰ্ঘ্
অন্ত হওক প্ৰত্যাশা