অ’  সৰু পক্ষী – ছেলিমা বেগম

PC - iStock
 অ’  সৰু পক্ষী
ছেলিমা বেগম,  নগাঁও
অ’ সৰু পক্ষী,  অ’  সৰু পক্ষী
 উৰি উৰি ক’লৈ যোৱা,
অ’  কণমানি অ’ কণমানি
কি হ’ল তোমাৰ কোৱা।
অ ‘ সৰু পক্ষী অ ‘ সৰু পক্ষী
খেলিবা নে তুমি আমাৰ লগত,
খেলাৰ বস্তু আছে আমাৰ
বান্ধি  দিম তোমাৰ ঠোঁটত।
নালাগে নালাগে খেলা- ধূলা আমাৰ
মুক্ত আকাশত থাকিলে লাগে মজা,
মুক্ত বায়ু মুক্ত বতাহ লৈ থাকিম
আনন্দ লাগে মনত এয়া সঁচা।
অ’ সৰু পক্ষী অ’ সৰু পক্ষী
আমাৰ ইয়াত আহিলে থাকিবি,
শীত তাপ নিয়ন্ত্ৰণ কোঠালিত
ৰ’দ বৰষুণ গাত নপৰাকৈ থাকিবি ।
অ’ কণমানি অ’ কণমানি টি
প্ৰাকৃতিৰ শীত তাপ লাগে ভাল,
প্ৰাকৃতিৰ সৌন্দৰ্য অতি মনোৰম
মুক্ত মনে উৰি থাকিম এয়াই ভাল ।