অৱসৰী শিক্ষক চাদেৰ উদ্দিন আহমেদৰ মৃত্যু

অৱসৰী শিক্ষক চাদেৰ উদ্দিন আহমেদৰ মৃত্যু
এম হাছিম  আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ লালুকা গাওঁ নিবাসী,অৱসৰপ্ৰাপ্ত শিক্ষক চাদেৰ উদ্দিন আহমেদৰ আজি (২৭-৩-২৪) ৯৪ বছৰ বয়সত মৃত্যু হয়। শিক্ষকতাকে জীৱনৰ ব্ৰত  হিচাপে বাচি লোৱা আহমেদৰ  জন্ম হৈছিল ১৯৩০ চনত। তেওঁ কেবাখনো স্কুলত শিক্ষকতা কৰাৰ পিছত  ১৯৮৬ চনত লালুকা চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে। ডিব্ৰুগড়ৰ সমাজ জীৱনৰ লগত জড়িত চাদেৰ উদ্দিন আহমেদ ডিব্ৰুগড়ৰ চেন্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ এগৰাকী আজীৱন সদস্যৰ লগতে ডিব্ৰুগড়ৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছিল।    মৃত্যুৰ সময়ত আহমেদে পত্নী হাচিনা বেগমৰ লগতে দুই পুত্ৰ আৰু দুই কণ্যাৰ আৰু নাতি নাতিনীৰ লগতে পৰিয়ালৰ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায়। তেওঁৰ  জানাজা আজি(২৮-৩-২৪) লালুকা কবৰস্থানত দিনৰ  দুই  বজাত  সম্পন্ন কৰা হ’ব। আহমেদৰ মৃত্যুত ডিব্ৰুগড়ৰ  চেন্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ সভাপতি ডা০ আহমেদ উল্লা খান আৰু সম্পাদক এম হাছিম আলীয়ে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰে।