অৱসৰী প্ৰধান শিক্ষক আব্দুল মান্নানৰ পৰলোক

অৱসৰী প্ৰধান শিক্ষক আব্দুল মান্নানৰ পৰলোক

এম হাছিম আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ নালিয়াপুল আজিজপথ নিবাসী তথা গ্ৰাহাম বজাৰ ল’ৰাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল মান্নানৰ (ছেভ ) হৃদ ৰোগত আক্ৰান্ত হৈ যোৱা নিশা মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স ৮২ বছৰ আছিল। ১৯৪১ চনৰ এক এপ্ৰিলত ডিব্ৰুগড়ৰ নালিয়াপুলত জন্ম গ্ৰহণ কৰা মান্নানে শিক্ষকতাকে জীৱনৰ ব্ৰত ৰূপ বাচি লৈ সুদীৰ্ঘ দিন চাকৰি কৰি ১৯৯৯ চনৰ ১৯ এপ্ৰিলত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ পৰিবাৰ, এজন পুত্ৰ, বোৱাৰী, এগৰাকী জীয়েক, জোঁৱায়েক আৰু তিনিটি নাতি – নাতিনীসহ ইহ সংসাৰত এৰি যায়। এজন অতি সহজ সৰল ব্যক্তি ৰূপে জনাজাত মান্নানৰ মৃত্যুত নালিয়াপুলত শোকৰ ছাঁ পৰে। কেবাটাও অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালক সম বেদনা জ্ঞাপন কৰে। আজি স্থানীয় নালিয়াপুল কবৰ স্থানত অনেক গুণ মুগ্ধৰ উপস্থিতিত তেওঁৰ জানাজা নামাজ সম্পন্ন কৰা হয়।