অৱসৰপ্ৰাপ্ত শিক্ষকক আদর্শ মহাবিদ্যালয়ত নিযুক্তি দিয়া সিদ্ধান্ত বাহাল থাকিবঃমুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- আদর্শ মহাবিদ্যালয়সমূহত অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তি দিয়াৰ ক্ষেত্ৰত ৰাজ্যত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ মাজতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা- চৰকাৰৰ সিদ্ধান্ত এশ শতাংশই বাহাল থাকিব। অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত অটল হৈ থাকিব চৰকাৰ। উল্লেখ্য যে ৰাজ্যৰ আদৰ্শ মহাবিদ্যালয়সমূহত অৱসৰ গ্ৰহণ কৰা শিক্ষকক নিযুক্তি দিয়াৰ বাবে ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তক দল-সংগঠনে বিৰোধিতা কৰাই নহয়, অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিৱৰ্তে নতুন প্ৰজন্মৰ শিক্ষিত যুৱক-যুৱতীক নিযুক্তি দিয়াৰ বাবে দাবী তুলিছে। এই প্রসংগত ডিব্ৰুগড়ত মুখ্যমন্ত্রীয়ে কয়- মই অৱসৰী শিক্ষক নিযুক্তিৰ সিদ্ধান্তক বহু সমর্থন কৰোঁ। মোক হেঁচা দি লাভ নাই। মই এশ শতাংশই সমর্থন কৰোঁ যে এটা অনুষ্ঠান অভিজ্ঞ ব্যক্তি নহ’লে নচলে। চৰকাৰৰ এই সিদ্ধান্ত ১০০ শতাংশই বাহাল থাকিব। কোনোবাই যদি অভিজ্ঞতাক অমান্য কৰে, তেন্তে এই পৃথিৱীখন নচলে। অভিজ্ঞতা নাথাকিলে কোনো এখন অনুষ্ঠানেই নচলে।