অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চেনিৰাম কলিতাৰ বিদায় সম্বৰ্ধনা সভা
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী শিক্ষাখণ্ডৰ ১৩৭ নং দক্ষিণপাট কুমাৰ গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চেনিৰাম কলিতাক বিদ্যালয় পৰিয়ালবৰ্গই ৰাইজৰ পূৰ্ণ সহযোগত ৩০ জুনত আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে ৷ সেই উদ্দেশ্য বিদ্যালয়ৰ প্ৰাংগত এখনি ৰাজহুৱা সম্বৰ্ধনা সভা পুৱা ১০-৩০ বজাৰ পৰা অনুষ্ঠিত হয় ৷ মাজুলী জিলা সাংবাদিক সন্থাৰ সভাপতি দিবাকৰ শইকীয়াৰ সভাখনিত সভাপতিত্ব কৰে ৷ মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়াই সভা উদ্বোধন কৰি দিয়া ভাষণত কয়, ‘সমাজ-পেঘালিৰ কূম্ভকাৰ শিক্ষাগুৰুসকলে আমাৰ মাজৰ পৰা দুস্কৃতিৰ অজামিলবোৰক প্ৰতিহত কৰিব পাৰে। সমাজৰ প্ৰতি নিঃস্বাৰ্থ বৰঙণি আগবঢ়োৱাৰ যোগেদি শিক্ষাগুৰুসকল যুগে যুগে পূজনীয় হৈ আহিছে।’ অজামিল আখ্যানক উদ্বৃতি দি তেখেতে শিক্ষাগুৰুসকলৰ নিষ্ঠাৰ সেৱাই সমাজত একো একোজন দেশৰ সুনাগৰিক আৰু মানৱ সম্পদৰ সৃষ্টি হয় ৷ এটুকুৰা কুমাৰ মাটিৰে যেনেদৰে মৃত শিল্পী সকলে বিভিন্ন আকাৰৰ মাটিৰ সঁজুলি বাচন বৰ্তন তৈয়াৰ কৰাৰ দৰে শিক্ষাগুৰুসকলৰ ত্যাগ আৰু কঠোৰ চেষ্টাত মানৱ সম্পদ গঢ় দিব পাৰে বুলি উল্লেখ কৰে ৷ বিশিষ্ট সমাজ সেৱক পতিয়া শ্ৰীমন্ত শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দধিৰাম বৰুৱাই শৈক্ষিক, আধ্যাত্মিক আৰু নৈতিক শিক্ষাৰ বিভিন্ন দিশক সামৰি তেখেতৰ নিৰ্দিষ্ট বক্তাৰ ভাষন প্ৰদান কৰে ৷ সভাত বিদ্যালয় পৰিয়ালৰ হৈ পৰিচালনা সমিতি, মাতৃ গোট, ৰান্ধনী গোট, ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজ, অভিভাৱকে গামোছা চেলেং, লিখিত সম্বৰ্ধনা পত্ৰ, ধৰ্মপুথি, শৰাই আৰু স্মাৰক আদি উপহাৰৰে শিক্ষাগুৰুগৰাকীৰ সম্বৰ্ধনা জনোৱা হয় ৷ তগুপৰি, বিভিন্ন পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ২০২৪ আৰু ২০২৫ বৰ্ষৰ প্ৰজ্ঞান বৃত্তি আৰু সঁফুৰা বৃত্তিত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সভাই সম্বৰ্ধনা জনোৱা হয় ৷ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কমল চন্দ্ৰ কলিতা, মাজুলী জিলা ছাত্ৰ সন্থাৰ সম্পাদক দিপাংকৰ ৰাজখোৱা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজুলীৰ সভাপতি মুনীন্দ্ৰ ভুঞা, জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক বাবুল শইকীয়াই বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰে । সমজুৱাৰ একেষাৰত সুৰমাই কলিতা, শিক্ষক শিশু ৰাম কলিতাই দুষাৰ বক্তব্য প্ৰদান কৰে ৷দিনযোৰাকৈ আৰম্ভ হোৱা সভাৰ পুৰ্বে বন বিষয়াৰ দ্বাৰাই বৃক্ষৰোপন দেৱজিৎ কলিতাই বন্তি প্ৰজ্বলন কৰে ৷ কন কন ছাত্ৰী সকলে পৰিৱেশ কৰা সমবেত সংগীতৰে সভা আৰম্ভ হয় ৷ সভাত ছাত্ৰ-ছাত্ৰীসকলে বৰগীত, সৃষ্টিশীল নৃত্য, ৰাভা সংগীত আদি গীত-মাতে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷ দিনযোৰাকৈ আৰম্ভ হোৱা সভাত অন্যান্য সকলৰ উপৰিও জিলা সাহিত্য সভাৰ সম্পাদৰ সঞ্জীৱ বৰা ৷ প্ৰধান শিক্ষক প্ৰেমধৰ কুটুম ৷ সুভ কলিতা সমম্বনিতে গন্য মান্য ব্যক্তিয়ে যোগদান কৰে ৷প্ৰধানশিক্ষক পৱিত্ৰ কলিতাই শলাগৰ শৰাই আগবঢ়ায় ৷ জাতীয় সংগীতৰে সভা সামৰণি পৰে ৷