অৱসৰপ্ৰাপ্ত অঙ্গনৱাড়ী কৰ্মী ৰূপা গগৈক বিদায় সম্বৰ্ধনা পহুমৰা শাখাৰ

অৱসৰপ্ৰাপ্ত অঙ্গনৱাড়ী কৰ্মী ৰূপা গগৈক বিদায় সম্বৰ্ধনা পহুমৰা শাখাৰ

বুলমণি বৰি, লখিমপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- লখিমপুৰ জিলাৰ নাওবৈচা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত পহুমৰা অঙ্গনৱাড়ী কেন্দ্ৰৰ পৰা যোৱা ৩০ এপ্ৰিল ২০২৫ তাৰিখে অৱসৰ গ্ৰহণ কৰা অঙ্গনৱাড়ী কৰ্মী ৰূপা গগৈক ২৭ মে ২০২৫ তাৰিখে পহুমৰা শাখাই আহোম চুক মডেল অঙ্গনৱাড়ী কেন্দ্ৰত   বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত অনুষ্ঠানত সভাপতিত্ব কৰে পহুমৰা শাখাৰ মুখ্য সেৱিকা স্বপ্নালী চুতীয়াই। উল্লেখ্য যে ৰূপা গগৈ অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী সহায়িকা সন্থাৰ ২০১৭ চনৰ পৰা ২০২৩ চনলৈকে ৰাজ্যিক সদস্যা হিচাপে দায়িত্বত আছিল। তাৰোপৰি নাওবৈচা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অঙ্গনৱাড়ী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰী আছিল ২০০৬ চনৰ পৰা ২০২১ চনলৈকে। লখিমপুৰ জিলা অঙ্গনৱাড়ী কৰ্মী সহায়িকা সন্থাৰ উপসভানেত্ৰী আছিল ২০১৮ চনৰ পৰা ২০২৪ চনলৈকে। সম্বৰ্ধিত ৰূপা গগৈয়ে সম্বৰ্ধনা জ্ঞাপন কৰা সহকৰ্মী সকলক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে কৰ্মজীৱনৰ স্মৃতি সুঁৱৰি আৱেগিক হৈ পৰে। সন্থাত দায়িত্ব সহকাৰে থাকি অঙ্গনৱাড়ী কৰ্মী সহায়িকাৰ যি দীৰ্ঘদিনীয়া সমস্যা সেই সমস্যাসমূহ চৰকাৰৰ দৃষ্টিগোচৰ কৰাত  সবল নেতৃত্ব আগবঢ়োৱা স্বত্বেও চৰকাৰৰ দৃষ্টিগোচৰ নোহোৱাত তেখেতে দুখ প্ৰকাশ কৰাৰ লগতে অহা অক্টোবৰ মাহৰ পৰা শাসনাধিষ্ঠ চৰকাৰখনে অঙ্গনৱাড়ী কৰ্মী সহায়িকাৰ যি পাৰিতোষিক বৰ্ধিত কৰাৰ আশ্বাস প্ৰদান কৰিছে সেই কাৰ্য্য যাতে ফলৱতী হয় তাকেই কামনা কৰি বক্তব্য সামৰণি মাৰে অৱসৰপ্ৰাপ্ত কৰ্মী ৰূপা গগৈয়ে। উক্ত অনুষ্ঠানত একে সময়তে অৱসৰ গ্ৰহণ কৰা খনাজান আহোম অঙ্গনৱাড়ী কেন্দ্ৰৰ কৰ্মী যোগেশ্বৰী গগৈ, পহুমৰা অঙ্গনৱাড়ী কেন্দ্ৰৰ সহায়িকা লক্ষেশ্বৰী গগৈ আৰু দিখৌমুখীয়া অঙ্গনৱাড়ী কেন্দ্ৰৰ সহায়িকা লক্ষী সিং,  কো পহুমৰা শাখাৰ তৰফৰ পৰা ফুলাম গামোচা,শৰাই, চেলেং লগতে এখন গীতা শাস্ত্ৰ প্ৰদান কৰি বিদায় সম্বৰ্ধনা জনায় পহুমৰা শাখাই।