অৱশেষত ৰাজহুৱা ভাৱে ক্ষমা হিন্দু ধৰ্মাৱলম্বী লোক সকলৰ ভাৱনাক আঘাত সনা গোৱালপাৰাৰ মহাত্মা গান্ধী চিনিয়ৰ চেকেণ্ডেৰী স্কুল কতৃপক্ষৰ

অৱশেষত ৰাজহুৱা ভাৱে ক্ষমা হিন্দু ধৰ্মাৱলম্বী লোক সকলৰ ভাৱনাক আঘাত সনা গোৱালপাৰাৰ মহাত্মা গান্ধী চিনিয়ৰ চেকেণ্ডেৰী স্কুল কতৃপক্ষৰ

ৰঙিলী বাৰ্ত্তাসেৱা- গোৱালপাৰা নগৰস্থিত মহাত্মা গান্ধী ছিনিয়ৰ চেকেণ্ডেৰী স্কুল নামৰ এখন ব্যক্তিগত স্কুলৰ শৌচাগাৰত “ঔঁ” প্ৰতীক সম্বলিত টাইলচ ব্যৱহাৰ কৰা বিৰুদ্ধে আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গোৱালপাৰা নগৰ শাখাই তীব্ৰ আন্দোলন গঢ়ি তোলে, যাৰ ফলত বিদ্যালয় কৰ্তৃপক্ষই ৰাজহুৱাভাৱে হিন্দু সমাজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি, টাইলচ সমূহ আঁতৰোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। উল্লেখযোগ্য যে বিগত কিছুদিন আগতেই এই ঘটনাটি পোহৰলৈ আহিছিল আৰু তেতিয়াৰ পৰাই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ এই বিষয়টিৰ প্ৰতি সজাগ হৈ ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। স্কুল কৰ্তৃপক্ষই এই আজৱ কাণ্ডৰ বিৰুদ্ধে এবিভিপিৰ স্থানীয় শাখাৰ জড়িয়তে প্ৰশাসনৰ ওচৰ চাপি ইয়াৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছিল। এবিভিপিয়ে বাৰম্বাৰ ‘ঔঁ’ চিহ্ন থকা টাইলচ আতৰাবলৈ বাৰম্বাৰ দাবী জনাই থকাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজি বিদ্যাৰ্থী পৰিষদে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ’ল।