অৱশেষত শেষ নিশ্বাস ত্যাগ কৰিলে হৰিশ ৰাণাই
ৰঙিলী বাৰ্ত্তাসেৱা- উচ্চতম ন্যায়ালয়ৰ পৰা ইচ্ছামৃত্যুৰ অনুমতি লাভ কৰাৰ পিছতে দিল্লীৰ এইমছত ভৰ্তি হোৱা হৰিশ ৰাণাৰ মঙলবাৰে মৃত্যু হয় ৷ ১৩ বছৰতকৈও অধিক সময় ক’মাত থকাৰ পাছত মঙলবাৰে দিল্লীৰ এইমছত শেষ নিশ্বাস ত্যাগ কৰে।হৰিশ ৰাণাক ১৪ মাৰ্চত চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত ১৬ মাৰ্চৰ পৰা ইচ্ছামৃত্যুৰ প্ৰক্ৰিয়া আৰম্ভ হয় ৷ এই প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায়ত খাদ্যনলীৰ জৰিয়তে তেওঁৰ শৰীৰত আহাৰ যোগান বন্ধ কৰা হৈছিল আৰু দ্বিতীয় পৰ্যায়ত পানী দিয়া বন্ধ কৰা হৈছিল ৷ ইয়াৰ পিছৰে পৰা চিকিৎসকে তেওঁক নিৰন্তৰ নিৰীক্ষণ কৰি আহিছে ৷ ১৩ বছৰ ধৰি ক’মাত থকা গাজিয়াবাদৰ যুৱক হৰিশ ৰাণাক এইমছৰ আই আৰ চি এইচ (ইন্সটিউট ৰটাৰী কেন্সাৰ হাস্পতাল)ৰ প্ৰশমন যত্ন ৱাৰ্ডত ভৰ্তি কৰোৱা হয় ৷ উচ্চতম ন্যায়ালয়ে ১১ মাৰ্চত হৰিশ ৰাণাক ইচ্ছামৃত্যু (পেচিভ ইউথেনাচিয়া)ৰ বাবে লাইফ চাপৰ্ট চিষ্টেম প্ৰত্যাহাৰ বা বন্ধ কৰাৰ অনুমতি প্ৰদান কৰাৰ লগতে প্ৰশমনমূলক যত্নৰ বাবে এইমছত ভৰ্তি হোৱাৰ নিৰ্দেশ দিয়ে ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এইমছে চিকিৎসকৰ এখন কমিটী গঠন কৰে আৰু হৰিশ ৰাণাক ১৪ মাৰ্চত চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ হৰিশ ৰাণাৰ ইচ্ছামৃত্যুৰ আবেদন উচ্চতম ন্যায়ালয়ে অনুমোদন জনোৱাৰ পাছতে হৰিশৰ পিতৃ-মাতৃয়ে তেওঁৰ অংগ দান কৰাৰ সিদ্ধান্ত লয়, যাৰ দ্বাৰা তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ অংগবোৰে আনক জীৱন দিব পাৰে ৷ সেই অনুসৰি চিকিৎসকৰ এটা দলে প্ৰথমে তেওঁৰ সকলো অংগ পৰীক্ষা কৰি কোনবোৰ অংগ বেছি উপযোগী সেইটো নিৰ্ণয় কৰে ৷ উল্লেখ্য যে, ১৩ বছৰ পূৰ্বে চণ্ডীগড়ত পঢ়ি থকাৰ সময়তে তেওঁ পি জি কলেজৰ চতুৰ্থ মহলাৰ পৰা বাগৰি পৰি মগজুত আৰু মেৰুদণ্ডত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল । এই দুৰ্ঘটনাৰ ফলত তেওঁ persistent vegetative state অৱস্থালৈ গুচি যায় অৰ্থাৎ তেওঁ জীৱিত হ’লেও সম্পূৰ্ণ অচেতন আছিল। বিগত ১৩ বছৰ ধৰি তেওঁ সম্পূৰ্ণ শয্যাশায়ী আছিল। তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক সুস্থ কৰি তোলাৰ বাবে নিজৰ সকলো সঞ্চয় ব্যয় কৰিছিল, কিন্তু চিকিৎসা বিজ্ঞানৰ সমীবদ্ধতা ব্যৰ্থ প্ৰমাণিত হয়। ক্লান্ত আৰু পুত্ৰক লাহে লাহে মৃত্যুৰ দিশে আগুৱাই যোৱা দেখি পৰিয়ালটোৱে এই অসহনীয় আৰু অৰ্থহীন যন্ত্ৰণাৰ পৰা মুক্তি বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়।
