অৱশেষত মার্কিন বিশেষজ্ঞৰ প্রচেষ্টাত বন্ধ হ’ল ভটীয়াপাৰৰ গেছ নির্গমন

অৱশেষত মার্কিন বিশেষজ্ঞৰ প্রচেষ্টাত বন্ধ হ’ল ভটীয়াপাৰৰ গেছ নির্গমন

ৰঙিলী বাৰ্ত্তাসেৱা- শিৱসাগৰ জিলাৰ ভটীয়াপাৰ বাৰীচুকৰ ১৬ দিনীয়া শ্বাসৰুদ্ধ গেছ নির্গত ঘটনাৰ অৱসান ঘটে। মার্কিন যুক্তৰাষ্ট্ৰৰ কাৰ্ডৱেল প্ৰেচাৰ কন্ট্র’ল প্ৰতিষ্ঠানৰ পাঁচজনীয়া বিশেষজ্ঞ দলৰ লগতে অ’ এন জি চিৰ সংকট ব্যৱস্থাপনা দলৰ যৌথ প্রচেষ্টাত শুক্ৰবাৰে দিনৰ ১১ বজাত সফলভাৱে গেছ নিয়ন্ত্রণ কৰিবলৈ সক্ষম হোৱাৰ পাছত ৰাইজে স্বস্তিৰ নিশ্বাস ল’লে।  ইফালে, গেছ নিয়ন্ত্রণত দিনে-নিশাই ব্যস্ত থকা প্ৰতিগৰাকী বিষয়া-কর্মচাৰী আনন্দ-উল্লাসত নাচি উঠে। এই কথা শুকুৰবাৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে নিজৰ এক্স হেণ্ডেলযোগে সদৰী কৰে। কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীগৰাকীয়ে লিখিছে, “অৱশেষত ১১১৫ ঘণ্টাৰ মূৰত আৰ ডি এছ ১২৭(এ) তৈলখাদৰ গেছ নিৰ্গমন আজি অ’ এন জি চিয়ে সফলতাৰে বন্ধ কৰিবলৈ সক্ষম হয় । গেছ নিৰ্গমন ১২ জুনত আৰম্ভ হৈছিল আৰু প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰি ইয়াক কম সময়ৰ ভিতৰতে ইয়াক নিয়ন্ত্ৰণলৈ অনা হয় ।”  অ’ এন জি চিয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত জনোৱা মতে শুক্ৰবাৰে কাহিলিপুৱাৰে পৰা অ’এনজিচিৰ সংকট ব্যৱস্থাপনা দল (চিএমটি), মার্কিন বিশেষজ্ঞ দলটো আৰু স্থানীয় অভিযানকাৰী দলে গেছ নিয়ন্ত্ৰণৰ অভিযান আৰম্ভ কৰে। অভিযানত দলটোৱে ক্ষতিগ্রস্ত ব্ল’আউট প্রিভাণ্টাৰটো (বিঅ’পি) বেলহেডৰ পৰা নিৰাপদে আঁতৰোৱাৰ বাবে গুৰুত্বপূৰ্ণ অভিযান চলাইছিল। অতি নিখুঁতভাৱে অভিযান চলোৱা দলটোৱে বিআ’পিটো নিৰাপদে স্থানান্তৰ কৰাৰ পাছত ষ্টেজিং এৰিয়াত প্ৰস্তুত কৰা কেপিং ষ্টেকটো সাৱধানে আৰু সঠিকভাৱে বেলহেডত থোৱাৰ পাছতে কেপিং ষ্টেকটো সুদৃঢ় আৰু সুৰক্ষিতভাৱে স্থাপন কৰাৰ লগে লগে বিঅ’পিটো (ব্ল আউট প্রিভেনটৰ) সফলতাৰে বন্ধ কৰা হয়। বি অ’ পিটো বন্ধ কৰাৰ পাছতে তৈল খাদটোৰ শ্বাসৰুদ্ধ গেছ নির্গমন বন্ধহৈ পৰে। সফলতাৰে অ’ এন জি চিয়ে রল কেপিং পদ্ধতিৰে গেছ নিয়ন্ত্ৰণ ৰোধ কৰিবলৈ সক্ষম হোৱাৰ পাছত ভটীয়াপাৰবাসী ৰাইজৰ মাজত শংকা দূৰ হ’ল। আনহাতে, বিঅ’পিটো স্থাপন কৰাৰ পাছত তৈলখাদটোত পুনৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ কোনো আশংকা নাই যদিও অ’ এন জি চি কর্তৃপক্ষই আৰু ২৪ ঘণ্টাৰ বাবে এই তৈলখাদটো নিৰীক্ষণত ৰাখিব বুলি জানিব পৰা গৈছে। লগতে জিলা প্ৰশাসনৰ সৈতে চৰজমিন তদন্ত কৰি শীঘ্ৰে ভটিয়াপাৰৰ ক্ষতিগ্রস্ত ৰাইজক উপযুক্ত ক্ষতিপূৰণ দিবলৈ অ’ এন জি চিৰ প্ৰশাসনিক বিভাগে কার্যব্যৱস্থা গ্রহণ কৰা বুলি জানিব পৰা গৈছে। অঞ্চলটোৰ ৰাইজৰ মাজত দেখা দিয়া বিভিন্ন ৰোগৰ প্ৰতি লক্ষ্য ৰাখি অ’ এন জি চি আৰু জিলা স্বাস্থ্য বিভাগে বিনামূলীয়া চিকিৎসা সেৱা শিবিৰসমূহ চলাই যাব বুলিও জানিব পৰা গৈছে।উল্লেখ্য যে অ’ এন জি চিৰ ৰুদ্রসাগৰ তৈলক্ষেত্ৰৰ অন্তর্গত ভটীয়াপাৰ বাৰীচুকৰ তৈলখাদ আৰ ডি এছ ১৪৭ (এ) নং-ৰ এছ কে পেট্ৰ’ৰ ১৩৫ ভি আইৰ ৱৰ্ক অ’ভাৰ ৰিগটোত যোৱা ১২ জুনত সংঘটিত হৈছিল বিস্ফোৰণৰ ঘটনা । তাৰ পিছত ২০ জুনত শিৱসাগৰত উপস্থিত হয় আমেৰিকাৰ কাৰিকৰী বিশেষজ্ঞৰ এটা দল ।