অৱশেষত ভাৰতৰ বিশ্বজয় – মুন শৰ্মা

অৱশেষত ভাৰতৰ বিশ্বজয়
মুন শৰ্মা,লখিমপুৰ
অৱশেষত ভাৰতে কৰিলে বিশ্বজয়। ১৪০কোটি ভাৰতীয় সমূহত দীৰ্ঘদিনীয়া সপোন আকৌ এবাৰ সাৰ্থক হল। চনটো আছিল২০১১ সেইবাৰ ভাৰতৰ মাটিত হোৱা বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত প্ৰতিৱেশী শ্ৰীলংকাক পৰাস্ত কৰি ট্ৰফী তুলি অন্তিম বাৰ বিশ্ব ক্ৰিকেট  জয়। তাৰ পাছত মাথোঁ শূণ্যতা বাৰে বাৰে  বিশ্ব জয় উচৰ চাপি থমকি ৰয় ভাৰত ফলত  বাৰে সমগ্ৰ ভাৰত হয় দুখৰ বুকুত বিলীন। আন কি ২০১৩ পাছত মুখ দেখা নাছিল আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ সন্থা অধীনত হোৱা  কোনো প্ৰতিযোগিতাত জয়।সেয়া ও আছিল বেলেগ কৈ দুখ।
এক প্ৰকাৰে যদি চাও তেতিয়া আমি জানিম যে বৰ্তমান ভাৰতীয় ক্ৰিকেটৰ সোণালী যুগ অৰ্থাৎ বিশ্বৰ ক্ৰিকেটত মহা শক্তি ৰূপে জনাজাত ভাৰত কিন্তু সকলো ফালে শক্তিশালী হৈ থকাৰ পাছতো বাৰে বাৰে অলপতে থমকি ৰৈ থাকিব লগতো কিমান বেদনা দায়ক সেয়া সকলোৱে বুজে।
যদিও ভাৰতীয় দল থমকি ৰয় তথাপি আশা এৰা নাছিল না ভাৰত দেশৰ মানুহে না ভাৰত দেশৰ খেলুৱৈ আৰু ক্ৰিকেট লগত কৰ্মকৰ্তা সকলে। যাৰ বাবেই  পুৰণি ইতিহাস পাহৰি তাৰ পাততে নতুন ইতিহাস লিখাৰ উদ্দেশ্য আগত ৰাখি  এটা সময়ৰ মহা শক্তিশালী ক্ৰিকেট দল নামেৰে জনাজাত ৱেছ ইণ্ডিজ আৰু ক্ৰিকেট নতুনকৈ প্ৰচলন আৰম্ভ হোৱা আমেৰিকা হোৱা টি/২০ বিশ্বকাপ ক্ৰিকেটলৈ বুলি।
এটা পিছত এটা অঘটন লাহে লাহে ছুপাৰ ৮তাতো অঘটন শক্তিশালী দল সমূহৰ প্ৰস্তান শেষত ক্ৰিকেট খেলা দিনৰ পৰা প্ৰায় প্ৰতি বাৰে  চেমি ফাইনেল জয় হব নোৱাৰা দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ মাজত চূড়ান্ত খেল।
কোন জিকিব এইবাৰ !ফাইনেলৰ দল লাভ কৰা লগে লগেই বিশ্ব ক্ৰিকেট চৰ্চা  শক্তিশালী ভাৰতে  বিশ্ব ক্ৰিকেট নতুন চেম্পিয়ন ৰূপে  দক্ষিণ আফ্ৰিকা। শেষত ভাৰত জয়ী হল লগে লগে ভাৰতীয় জনতা  অতদিনৰ দুখ সুখলৈ ৰূপান্তৰ। নহব বা কিয় ২০০৭চনতে এই সংস্কৰণৰ বিশ্বকাপ জয়ী অৰ্থাৎ ১৭ বছৰ আকৌ ২০১১ চনতে এদিনীয়া বিশ্বকাপ জয়ী অন্য হাতে ২০১৩চেম্পিয়ন ট্ৰফী হয় কৰা পাছত icc কোনো ট্ৰফী জয় কৰা নাই গতিকে এই বিশ্বকাপ জয়ে বাৰে বাৰে হতাশৰ বুকুত চেপা খাই থকা বিশ্বতে ক্ৰিকেট বলিয়া দেশ বুলি জনাজাত ভাৰতীয় সকল আজি পৰা যে বেছি নহলেও কেইটামান বছৰ সুখত টোপনি যাব।