অৱশেষত বৰাখাট গাঁৱৰ ৩ ঘাটমাউৰা কিশোৰীৰ ওচৰত পানেৰি সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰী। বাতৰি প্ৰকাশ পোৱাৰ প্ৰায় ৫দিন পিছত দুৰ্ভগীয়া কিশোৰী কেইজনীলৈ সহায়ৰ হাত
অমৰজিৎ ৰাভা, ওদালগুৰি, বাৰ্ত্তাসেৱা- চাঁৰি বছৰ পূৰ্ৱে মাতৃহাৰা ২বছৰ পূৰ্ৱে পিতৃহাৰা ওদালগুৰি জিলাৰ টংলা নিকটৱৰ্তী বৰাখাট গাঁৱৰ মীৰা গুৰ, নিৰ্মালী গুৰ, হৰিপ্ৰীয়া গুৰ, নামৰ তিনি ঘাটমাউৰা কিশোৰীৰ কৰুণ কথা, খৈৰাবাৰীৰ সাংবাদিক অমৰজিৎ ৰাভাৰ দ্বাৰা প্ৰথমটো বাতৰি “প্ৰকাশ পোৱাৰ পিছত ক্ৰমান্বয়ে এটাৰ পিছত এটা বাতৰি প্ৰকাশ পোৱাৰ প্ৰায় ৫দিন পিছত আজি ওদালগুৰি জিলাৰ ৬৪ নং পানেৰি বিধানসভা সমষ্টি তথা ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বগপুৰি ভিচিডিচিৰ বৰাখাট গাঁৱৰ ৩ ঘাটমাউৰা কিশোৰীৰ ওচৰত খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ এম চি এল এ ভৱেন চন্দ্ৰ বড়োসহ অসম বিধান সভা সদনৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নিজে আহি কিশোৰী কেইজনীৰ সমস্যাৰ বুজ লোৱাৰ লগতে কিশোৰী কেইজনীৰ উন্নত শিক্ষা ব্যৱস্থা বহন কৰাৰ উপৰিও আৰ্থিক সহায় কৰি ভৱিষ্যৎ সুনিশ্বিত কৰিবলৈ সক্ষম হয়।