অৱশেষত পৃথিৱী পালে সুনীতা উইলিয়ামছ

অৱশেষত পৃথিৱী পালে সুনীতা উইলিয়ামছ

ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পৰিল। ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বুচ উইলম’ৰ ২৮৬ দিনৰ অন্তত নিৰাপদে পৃথিৱীলৈ উভতি আহিল।মহাকাশত প্ৰায় ৯ মাহ কাল কটোৱাৰ পিছত ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ তিনি সহযোগী আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা (ISS) সফলতাৰে পৃথিৱীলৈ উভতি আহিছে। নাছাৰ স্পেচএক্স ক্রু-৯ অভিযানৰ অংশ হিচাপে আজি ভাৰতীয় সময় অনুসৰি ৩:২৭ বজাত তেওঁ ফ্ল’ৰিডাৰ উপকূলত অৱতৰণ কৰে ইলন মাস্কৰ স্পেচএক্স ড্ৰেগন।  দলটোত বুশ্ব উইলম’ৰ, নিক হেগ আৰু আলেকজেণ্ডাৰ গ’ৰবুনভও আছিল। উল্লেখ্য সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমোৰে ২০২৪ চনৰ ৬ জুনত বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানেৰে আই এছ এছলৈ যাত্ৰা কৰিছিল। আনহাতে ২০২৪ চনৰ ২৯ ছেপ্টেম্বৰত মহাকাশ কেন্দ্ৰত উপস্থিত হৈছিল নিক হেগ আৰু আলেকজেণ্ডাৰ গৰ্বুনভ। হেগ আৰু গৰ্বুনভে স্পেচএক্সৰ ড্ৰেগন ফ্ৰিডম মহাকাশযানত উঠি মহাকাশলৈ উৰা মাৰিছিল। নাছাত উপলব্ধ সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰৰ উভতি অহাৰ পোনপটীয়া সম্প্ৰচাৰ। ইয়াৰ লগে লগে এক বিৰল ক্ষণৰ সাক্ষী হ’ল বিশ্ববাসী। । সকলোৱে তেওঁলোক নিৰাপদে উভতি অহাৰ বাবে প্ৰাৰ্থনা কৰি আছিল। পৃথিৱীত উপস্থিত হোৱাৰ পাছতে বিশ্বৰ লাখ লাখ লোকে মহাকাশচাৰীসকলক জনাইছে শুভেচ্ছা। ইফালে অৱতৰণৰ পিছত ড্ৰেগনৰ পৰা ওলাই অহাৰ সময়ত সুনীতা উইলিয়ামছ আৰু নিক হেগকে ধৰি সকলো মহাকাশচাৰীৰ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। ড্ৰেগন মহাকাশযানখনৰ সফল অৱতৰণৰ পিছত সুনীতা উইলিয়ামছকে ধৰি সকলো মহাকাশচাৰীক এজন এজনকৈ উলিয়াই অনা হৈছিল। ড্ৰেগনৰ পৰা ওলাই অহাৰ লগে লগে সুনীতা উইলিয়ামছে কেমেৰাৰ ফালে চাই হাঁহি হাঁহি সকলোকে অভিবাদন জনাই। ৯ মাহৰ পিছত ঘৰলৈ উভতি অহাৰ সুখো তেওঁৰ মুখত স্পষ্টকৈ দেখা গৈছে।