অৱশেষত টুইটাৰ অধিগ্ৰহণ কৰে বিলিয়নাৰ ইলন মাস্কে
ৰঙিলী বাৰ্ত্তাসেৱা- বিলিয়নাৰ ইলন মাস্কে অৱশেষত টুইটাৰ অধিগ্ৰহণ কৰে। ‘মাইক্ৰ’ ব্লগিং চাইট’টো অধিগ্ৰহণ কৰাৰ পিছত মাস্কে কোম্পানীটোৰ শীৰ্ষ কাৰ্যবাহীসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰে । আমেৰিকাৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি টুইটাৰৰ চিইঅ’ পৰাগ আগৰৱালা আৰু কোম্পানীটোৰ মুখ্য বিত্তীয় বিষয়া নেড ছেগালক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। ছান ফ্ৰান্সিস্কোত থকা টুইটাৰৰ মুখ্য কাৰ্যালয় ত্যাগ কৰিছে পৰাগে। মাইক্ৰ’ ব্লগিং চাইট’টো অধিগ্ৰহণ কৰাৰ পিছত মাস্কে কয় যে এই পদক্ষেপ মানৱতাৰ স্বাৰ্থত গ্ৰহণ কৰা হৈছে । অধিক টকা উপাৰ্জন কৰিবলৈ কিনা নাই টুইটাৰ । মানৱতাৰ ভৱিষ্যত এনেকুৱা হ’ব লাগে য’ত সকলো পক্ষৰ মুক্ত মতামত প্ৰকাশৰ বাবে ডিজিটেল মঞ্চ থাকে । সুস্থ পৰিৱেশত বিতৰ্ক হ’ব লাগে । এতিয়া এক বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি হৈছে, য’ত ছ’চিয়েল মিডিয়াক কঠিন সোঁপন্থী আৰু কঠিন বাওঁপন্থীৰ কেইটামান ফৈদত বিভক্ত হ’বলৈ দিয়া হৈছে । যিয়ে সমাজত ঘৃণা আৰু বিভাজন বৃদ্ধি কৰিব ।