অৱশেষত ঘূৰাই পালে দিছপুৰ মহাবিদ্যালয়ৰ হৰলুকী হোৱা ধন

Pc Time8

অৱশেষত ঘূৰাই পালে দিছপুৰ মহাবিদ্যালয়ৰ হৰলুকী হোৱা ধন

ৰঙিলী বাৰ্ত্তাসেৱা- দিছপুৰ মহাবিদ্যালয়ে ৭৬ লাখ টকাৰো অধিক চুৰি হোৱা ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।উক্ত ধনখিনি চলিত বৰ্ষৰ এপ্ৰিলত কলেজৰ বেংক অফ বৰোদাৰ দিছপুৰ শাখা বেংক একাউণ্টৰ পৰা চুৰি হৈছিল।কলেজ কৰ্তৃপক্ষই তিনিটা কিস্তিত মুঠ ৭৬,৩৪,৯০০ টকা ঘূৰাই পাবলৈ সক্ষম হৈছে। বেংক কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ বাবে এই ঘটনাটো সংঘটিত হৈছিল। গুৱাহাটীৰ দিছপুৰ মহাবিদ্যালয়ৰ বেংক একাউণ্ট চাইবাৰ অপৰাধীসকলে হেক কৰাৰ পূৰ্বেও অভিযোগ আছে। চাইবাৰ চক্ৰই মহাবিদ্যালয়খনৰ বেংক একাউণ্টৰ পৰা ৭৬ লাখ টকাৰো অধিক ধনৰাশি চুৰি কৰিছিল। এপ্ৰিল মাহত সংঘটিত হোৱা এই বেংক একাউণ্ট চুৰি হোৱা ঘটনাটো ২ মে’ত পোহৰলৈ আহিছিল।ধনখিনি বেংক অফ বৰোদাৰ দিছপুৰ শাখাৰ পৰা পশ্চিম বংগৰ বৰনগৰ শাখাৰ ইউনিয়ন বেংক অফ ইণ্ডিয়ালৈ স্থানান্তৰ কৰা হৈছিল।