অৱশেষত গ্ৰেপ্তাৰ হ’ল চুমি বৰা আৰু তাৰ্কিক বৰা

অৱশেষত গ্ৰেপ্তাৰ হ’ল চুমি বৰা আৰু তাৰ্কিক বৰা

ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত এছ টি এফ ৰ জালত পৰিল ট্ৰেডিং কেলেংকাৰীত নাম সাঙোৰ খোৱা অভিনেত্ৰী চুমি বৰা আৰু স্বামী তাৰ্কিক বৰা। মহাপ্ৰৱঞ্চক বিশাল ফুকনক গ্ৰেপ্তাৰৰ পিছৰে পৰা পলায়ন কৰি আছিল চুমি বৰা আৰু তাৰ্কিক বৰাই। কিন্তু ১০ দিনেই পলাই থকাৰ পিছত অৱশেষত গ্ৰেপ্তাৰ হ’ল চুমি বৰা আৰু তাৰ্কিক বৰা। ভুৱা ট্ৰেডিঙৰ নামত কোটি-কোটি টকা প্ৰৱঞ্চনাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চুমি বৰাৰ পাতি লোৱা ভায়েক বিশাল ফুকনক।DIG পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত ডিব্ৰুগড়ত গ্রেপ্তাৰ কৰা হয় চুমি-তাৰ্কিকক। এই তথ্য সামাজিক মাধ্যমযোগে অভিযুক্তৰ এখন ফটোৰ সৈতে প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে। ইতিমধ্যে চুমি বৰাক ডিব্ৰুগড় মহিলা আৰক্ষী চকীলৈ প্ৰেৰণ কৰাৰ লগতে তাৰ্কিক বৰাক ডিব্ৰুগড় সদৰ থানাত ৰখা হৈছে। দুয়োকে পৃথকে পৃথকে জেৰা চলোৱা হব বুলি জানিব পৰা গৈছে।