অৱশেষত আজি ছবিগৃহত মুক্তি লাভ কৰিব ‘শ্ৰী ৰঘুপতি’

অৱশেষত আজি ছবিগৃহত মুক্তি লাভ কৰিব ‘শ্ৰী ৰঘুপতি’

ৰঙিলী বাৰ্ত্তাসেৱা-  অৱশেষত আজি ছবিগৃহত মুক্তি লাভ কৰিব ৰবি শৰ্মা অভিনীত নতুন অসমীয়া চলচ্চিত্ৰ ‘শ্ৰী ৰঘুপতি’। গুৱাহাটী উচ্চ ন্যায়ালয়ে এক আপীলৰ ভিত্তিত ছবিখনৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে। পুৱা ১১ বজাৰ পৰা ছবিখন প্ৰদৰ্শনৰ অনুমতি প্ৰদান কৰিছে ন্যায়ালয়ে। কিন্তু আদালতৰ আনুষ্ঠানিক পত্ৰ লাভ নকৰাৰ বাবে ১১ বজাত প্ৰদৰ্শন কৰিব নোৱাৰিলে বুলি জানিব পৰা গৈছে। আজি বিয়লিৰ ভাগত ছবিখন উপভোগ কৰিব পাৰিব দৰ্শকে। এই কথা সংবাদ মাধ্যমক জনালে প্ৰযোজক শৈলেন শৰ্মাই।