অৱধি
নিৰ্মিতা বৰগোহাঁই,গুৱাহাটী
নিলাজ বৰষুণ আহি
পৰিছেহি গাত
নীলা আঁচল টানি
নকৰিবা আলাপ
বহু পলম কৰিলা
মইতো মাতিছিলোঁ তেতিয়া
যেতিয়া যৌৱনত বসন্ত নামিছিল
শৰতৰ আকাশত জোনে হাঁহিছিল
বহু পলম কৰিলা
কিয় নাহিলা তেতিয়া
হৃদয়ত লিখা কবিতা পঢ়িবলৈ
আবেলিৰ ৰঙীন ৰামধেনু চাবলৈ
তথাপি আহিছা যদি
সীমনাৰ ৰেখা টানি
হাততে হাত থৈ
যাওঁ ব’লা, সূৰুযমুখী দেশলৈ…