অৱজ্ঞা
অৰ্ণৱ কটকী
জাঁজী যোৰহাট
অৱজ্ঞাৰ জোৱাৰত জাজ হৈ উটি গলো।
আপোন হোৱাৰ অভিনয় কৰা সু নিপুণ অভিনেতাৰ দ্বাৰা কঠোৰ হৈ পৰিল সুকোমল হিয়া। মিঠা কথাৰ মিছাৰ ফুলজাৰী নিমিষতে অন্ত পৰে। পাৰে জানো বেলিৰ দৰে সত্য উত্তাপ সহ্য কৰিব, জোনাক ভাল পোৱা ব্যক্তিয়েও হয়তো সূৰ্য্য তাপ সহিব কষ্ট পায়। উপেক্ষা, অৱহেলাৰ অসহনীয় কষ্ট ভোগা প্ৰতি জন ব্যক্তিক সোধক বুকুত হেঁচা মাৰি ধৰা বিষটোৰ কথা।
মৌ মিঠা কথাৰ বৰষুণত উভালি যোৱা গছৰ দৰে প্ৰতিটো মন, প্ৰতিজন ব্যক্তিৰ। সময়ৰ ভটিয়নী সোঁতত বিলুপ্ত হৈ পৰে এনে প্ৰতিজন ব্যক্তি। মানুহ চিনা কঠিন, তাতোকৈয়ো কঠিন সময়ক বুজাৰ।
অৱজ্ঞাৰ কষ্ট কটা ঘাঁত দিয়া নিমখৰ দৰে, নিজক পৃথক কৰি আগুৱাই যাওঁক অৱজ্ঞা অৱহেলাৰ জাল ফালি। ভালে থাকক আপুনিও।