অৰ্থহীন অপেক্ষা
ফোনটি বাজিব। কি কৰিছ ফোনটো নধৰ কিয় বুলি তাই দিয়া গালিটো খাই অলপ মৰমেৰে বুজাম যে তাই ফোনৰ অপেক্ষাত মই সপোন চাই আছোঁ । তাই দিনটোৰ কথা পাতনি মেলি ক’ব——কি কৰিলে, কি খালে, কি ফুল ৰুলে, কোন পাহ ফুলিলে মোৰলৈ মনত পৰে……….ইত্যাদি !! ম’বাইলৰ ভিডিঅ’ চাই প্ৰায়ে তাই মোক কয়, এইটো লিংক দিছো চাবা হা … মোক এনেকৈয়ে মৰম কৰিব লাগিব! মই ভুল কৰিলেই …….এইটো নকৰিবা, সেইটো নকৰিবা বুলি মহা ভাৰত মেলে । তাৰ পিছত ঘৰত মাকে কিয় গালি দিলে? তাই বেয়া পোৱা সকলো বস্তু হে ঘৰত আজিকালি বনাই ইত্যাদি কথাবোৰ অনৰ্গল ভাৱে কৈ যাব। মই জোকাম … তোমাক ঘৰত বেয়া পাই কাৰণে। তাই মুখ ওন্দোলাই কথা পতা বন্ধ কৰিব। মই আকৌ ফুচুলাবলৈ তাই ভাল পোৱা কাৰ্টুন খনৰ ফুচুৰি চৰিত্ৰৰ ডাইলগ মাৰিম। তাই হাঁহি হাঁহি মোক পাগল বুলিব।
আজিকালি অনুভৱে এইবোৰ কথাকে ভাৱি থাকে । তাই লগত শেষ দেখা দেখি হোৱাৰ পিছত সি ফোনটোকে হাতত বহি থাকে কিজানিবা তাইৰ ফোনটো আহেই। তাক নো বুজাব কোনে তাই এতিয়া আনৰ পত্নী বুলি…..
আধৰুৱা প্ৰেমৰ নামেবা কি?
প্ৰাপ্তি নহ’ল বুলিয়েই
প্ৰেম আধৰুৱা নেকি!
ত্যাগত ফুলে জানো প্ৰেমৰ গোলাপ!
তেনেহ’লে মানুহে কয় কিয়
প্ৰেম মানেও ত্যাগ?
এনেকুৱা নদী কাষৰ অজস্ৰ গছে তাৰ মনত পোখা মেলে
যদিও উত্তৰবোৰ খহনীয়াত পৰি বানৰ বুকুত উটি ফুৰে…..
✍নিহাল গগৈ