অৰূপা নাথৰ ‘আধুনিক অসমীয়া কবিতাৰ নতুন ৰেঙণি উন্মোচন’
মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাটৰ পৌৰসভাৰ সভা কক্ষত লেখিকা অৰূপা নাথৰ ‘আধুনিক অসমীয়া কবিতাৰ নতুন ৰেঙণি’ গ্ৰন্থখন উন্মোচন কৰা হয়। গ্ৰন্থখনত চৈধ্যখন অসমীয়া কাব্যগ্ৰন্থৰ আলোচনা কৰা হৈছে। গ্ৰন্থ উন্মোচনী সভাখনৰ আঁতধৰে মৃগাংক বৰুৱাই।
উক্ত গ্ৰন্থখন উন্মোচন কৰে কবি, প্ৰাবন্ধিক, ভাষাবিদ, লোক কবিতাৰ গৱেষক, চিত্ৰকৰ তথা পৰিচালক ধ্ৰুৱজ্যোতি দাসে। উল্লেখ্য যে ধ্ৰুৱজ্যোতি দাসৰ কেইবাবছৰীয়া অধ্যয়ন, গৱেষণা আৰু পৰিশ্ৰমৰ ফলশ্ৰুতিত প্ৰকাশ হোৱা ‘অসমীয়া লোক কবিতাৰ প্ৰবাহ’ গ্ৰন্থখন অসমীয়া সাহিত্য- সংস্কৃতিৰ অমূল্য সম্পদ।
এনেএখন গাম্ভীয্যপূৰ্ণ সভাৰ সঞ্চালনা কৰা বিশিষ্ট লেখিকা অপৰাজিতা বৰুৱাই। সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে ডাঃ অজিত বৰুৱা, লেখিকা লুকুমণি গোস্বামী, হিৰেণ গগৈ, শিৱসাগৰৰ অসমী গগৈ, ড০ বিপুল ভূঁঞা, পূণ্যেশ্বৰ পূজাৰী।
উদয় বৰাৰ বৰগীত আৰু পূণ্যেশ্বৰ পূজাৰীদেৱে বন্তী প্ৰজ্বলন কৰি সভাৰ শুভাৰম্ভণি কৰে। লেখিকা অৰূপা নাথে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে পৰিয়াল আৰু ধ্ৰুৱজ্যোতি বৰা তথা বন্ধু- বান্ধৱৰ অনুপ্ৰেৰণাতে গ্ৰন্থখন লিখিব পাৰিলে। সভাখনৰ সভাপতি অপৰাজিতা বৰুৱাৰ মন্তব্যৰে সামৰণি পৰে।