অৰুণোদয়ৰ হিতাধিকাৰীৰ পৰা কৰ্তন হ’ব পাৰে আপোনাৰ নাম

অৰুণোদয়ৰ হিতাধিকাৰীৰ পৰা কৰ্তন হ’ব পাৰে আপোনাৰ নাম

ৰঙিলী বাৰ্ত্তাসেৱা-  অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা।ৰাজ্যত ৭ জুলাইৰ পৰা আৰম্ভ হ’ব অৰুণোদয় সপ্তাহ।অৰুণোদয়ৰ হিতাধিকাৰীৰ পৰা কৰ্তন হ’ব পাৰে আপোনাৰ নাম।ভুৱা অথবা মেনেজ কৰি হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হোৱাসকলৰ আহিব পাৰে বিপদ৷বহু লোকৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ’ব।নতুনকৈ চাকৰি পোৱা লোকে এৰিব লাগিব অৰুণোদয় আঁচনি।নাম কৰ্তন হোৱাৰ বিপৰীতে অন্তৰ্ভুক্ত হ’ব আঁচনিত নতুন হিতাধিকাৰীৰ নাম।উল্লেখযোগ্য যে,ৰাজ্য চৰকাৰে গঠন কৰি দিয়া এটা বিশেষ দলে তন্ন তন্নকৈ পৰীক্ষা কৰিব হিতাধিকাৰীৰ সকলো নথিপত্ৰ তথা আঁচনিৰ অৰ্হতাৰ প্ৰমাণ পত্ৰ৷ভুৱা তথ্য সংযোগ কৰি হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰা যিকোনো হিতাধিকাৰীৰ কৰ্তন হ’ব নাম৷একেসময়তে যোগ্য হিতাধিকাৰীৰ গৃহত লগোৱা হ’ব অৰুণোদয়ৰ লগ’৷ৰাজ্য চৰকাৰৰ লক্ষ্য অনুসৰি ভৱিষ্যতে সকলো হিতাধিকাৰীৰ বাবে থাকিব এটা প’ৰ্টেল৷ইয়াৰ জৰিয়তে এটা প’ৰ্টেলৰ যোগেদি চৰকাৰে সকলো হিতাধিকাৰীক সংযোগ কৰিব৷২০ হাজাৰ এন চি চি কেডেটে ঘৰে ঘৰে চলাব অভিযান।এখন গাঁওৰ বিপৰীতে দল হিচাপে যাব তিনিজনকৈ কেডেট।