অৰুণোদয় আঁচনি কিয় ?
ভাল শিক্ষা আৰু ভাল শিক্ষানুষ্ঠানৰ কথা ভাৱক মুখ্যমন্ত্ৰীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰীয়ে মুকলি কৰা অৰুণোদয় আঁচনি ৩.০ ৰ উদ্বোধনী অনুষ্ঠান বিদ্যালয়সমুহত দৃশ্য শ্ৰব্য যোগেদি প্ৰচাৰ কৰা কাৰ্যক তীব্ৰ সমালোচনা কৰিছে আম আদমি পাৰ্টী, অসম (আপ) য়ে ৷ এক প্ৰেছ বিবৃতিত আপ, অসমৰ উপ সভাপতি অনুৰূপা ডেকাৰজাই ক্ষোভেৰে কয়, বিদ্যালয়ত অৰুণোদয় আঁচনিৰ প্ৰচাৰ কিয় ? বিদ্যালয়ত এনে প্ৰচাৰ শীঘ্ৰে বন্ধ কৰক ৷ চৰকাৰৰ এনেবোৰ কাম কাজে শিক্ষানুষ্ঠানৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰে বুলি মত প্ৰকাশ কৰি আপৰ নেত্ৰী গৰাকীয়ে কয়, শিক্ষানুষ্ঠানত পাঠ্যক্ৰম আৰু সহ পাঠ্যক্ৰমেহে ঠাই পাব লাগে ৷ ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰীয়ে কন কন ছাত্ৰ ছাত্ৰীসকলৰ মাজত হস্তীয়া ৰাজনীতি কৰিব বিচাৰিছে বুলি অভিযোগ কৰে ৷ অসমৰ শিক্ষাৰ মান দেশৰ ভিতৰত তালিকাৰ শেষৰফালে থকা বিষয়টো লক্ষ্য কৰি ৰাজ্যখনত ভাল শিক্ষা আৰু ভাল শিক্ষানুষ্ঠানৰ কথাহে মুখ্যমন্ত্ৰীয়ে চিন্তা কৰিব লাগিছিল বুলি অনুৰূপা ডেকাৰজাই মত প্ৰকাশ কৰে৷ ভাল শিক্ষা আৰু ভাল শিক্ষানুষ্ঠানৰ নমুনা লাগে যদি দিল্লীৰ অৰবিন্দ কেজৰীৱাল চৰকাৰৰ শাসন কালৰ শিক্ষা ব্যৱস্থা আৰু বৰ্তমানৰ পঞ্জাৱৰ আপৰ চৰকাৰৰ শিক্ষা ব্যৱস্থাৰ নমুনা ল’বলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়৷