অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে পেমা খাণ্ডুৱে

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে পেমা খাণ্ডুৱে

ৰঙিলী বাৰ্ত্তাসেৱা-  একেৰাহে তৃতীয়বাৰৰ বাবে আজি অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে পেমা খাণ্ডুৱে । ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল কে টি পাৰ্ণাইকে দৰ্জী খাণ্ডু কনভেনশ্যন হলত পেমা খাণ্ডুক শপত বাক্য আৰু গোপনীয়তাৰ পাঠ কৰোৱায় ৷পেমা  খাণ্ডুৰ পিচতে চাউনা মিনে উপ মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰে ।এই শপত গ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা, কিৰেন ৰিজিজু তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে । তদুপৰি বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক ৰবিশংকৰ প্ৰসাদ আৰু তৰুণ চুগ, অৰুণাচল প্ৰদেশ পূব লোকসভাৰ নৱনিৰ্বাচিত সাংসদ তাপীৰ গাৱৰ লগতে অসমৰ নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহালো উপস্থিত থাকে পেমা খাণ্ডুৰ শপত গ্ৰহণ অনুষ্ঠানত ৷