অৰুণাচল প্ৰদেশত সংঘটিত পথ দুৰ্ঘটনাত অসমৰ ২২ জন শ্ৰমিকৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ হায়ুলিয়াং-সাগলাগাম পথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিচাৰ পৰা শ্ৰমিক কঢ়িয়াই নিয়া এখন ট্ৰাক পাহৰৰ পৰা বাগৰি পৰে । যাৰ ফলত প্ৰায় ২২ জন শ্ৰমিকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।ইফালে বুদ্ধেশ্বৰ দীপ নামৰ এজন লোকক জীৱন্তে উদ্ধাৰ কৰা বুলি খবৰ আহিছে। কামৰ সন্ধানত এই আটাইকেইজন অৰুণাচল প্ৰদেশলৈ গৈছিল । হায়ুলিয়াং অতিৰিক্ত উপায়ুক্ত জুলিটি মিহুয়ে জনায় যে হায়ুলিয়াঙৰ পৰা প্ৰায় ৪৭ কিলোমিটাৰ নিলগত সাগলাগাম পথত এই দুৰ্ঘটনা সংঘটিত হয় । শ্ৰমিক কঢ়িয়াই নিয়া এখন পিক আপ ভেন পাহাৰীয়া পথটোৰ পৰা বহু তললৈ বাগৰি পৰে আৰু বৰ্তমানলৈ ১৪ জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে গুৰুতৰভাৱে আহত আন এজনক উদ্দাৰ কৰি চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে । নিহত শ্ৰমিককেইজনৰ ঘৰ তিনিচুকীয়াত বুলি জানিব পৰা গৈছে ৷ তেওঁ কয়, “ঘটনা সংঘটিত হৈছে সোমবাৰৰ নিশা আৰু এই বিষয়ে প্ৰশাসনক বুধবাৰে নিশা অৱগত কৰে পথচাৰীয়ে । বৃহস্পতিবাৰে পুৱা তিনিচুকীয়াৰ পৰা ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ এন ডি আৰ এফ’ৰ এটা দল উদ্ধাৰৰ বাবে ঘটনাস্থলীলৈ ৰাওনা হয় । আনহাতে সীমান্ত পথ নিৰ্মাণ সংস্থা বি আৰ অ’ই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । সাগলাগামৰ এই পথ ভাৰত চীন-সীমান্তলৈ যোৱা পথ আৰু অত্যন্ত কঠিন ভূখণ্ডৰ মাজেৰে পাৰ হ’বলগীয়া হয় ।” ইয়াৰ পাছত ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হয়। কিন্তু শিল আৰু ঢিলা মাটিৰ বাবে উদ্ধাৰ অভিযান কিছু লেহেমীয়া হৈছে। এই এলেকাটো ইমানেই দুৰ্গম যে ঘটনাৰ প্ৰায় ১৮ ঘন্টা পাছত ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হয়।মৃত শ্রমিককেইজনৰ নাম ৰাহুল কুমাৰ, সমীৰ দীপ জোন কুমাৰ, পংকজ মানকী, অজয় মানকী, বিজয় কুমাৰ, অভয় ভূমিজ, ৰোহিত মানকী, বীৰেন্দ্ৰ কুমাৰ, আগৰ তাঁতী, ধীৰেন চেতিয়া, ৰজনী নাগ, দীপ গোৱালা, ৰামচবক সোণাৰ, সোনাতন নাগ, সঞ্জয় কুমাৰ, কৰণ কুমাৰ আৰু জোনাচ মুণ্ডাৰ মৃত্যু। আনহাতে এই ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে পোষ্টটোত লিখিছে, অৰুণাচল প্ৰদেশত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত অসমৰ ১৪জন ব্যক্তিৰ মৃত্যুৰ খবৰ শুনি গভীৰভাৱে ব্যথিত হৈছোঁ৷ জনাব বিচাৰিছোঁ যে আমাৰ তিনিচুকীয়া জিলা প্ৰশাসনে অৰুণাচল প্ৰদেশৰ সংশ্লিষ্ট কর্তৃপক্ষৰ সৈতে যোগাযোগ ৰাখি সকলো আৱশ্যকীয় সহায়-সমৰ্থন প্রদান কৰি আছে। সাহায্য আৰু উদ্ধাৰকাৰী দলে চিনাক্ত নোহোৱা ব্যক্তিসকলক উদ্ধাৰ কৰিবলৈ ক্ষিপ্ৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ চিকিৎসা সহায়ৰ প্ৰয়োজন হোৱাসকলক উন্নত চিকিৎসাৰ সকলো ব্যৱস্থা কৰা হৈছে৷ এই কঠিন সময়ত দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷
