অৰুণাচল প্ৰদেশত পুনৰ অসমৰ যুৱকক হত্যা
ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হত্যা অসমৰ যুৱকক।গুলীয়াই হত্যা কৰা হ’ল এজন চফল অসমীয়া যুৱকক ৷ মৃত শংকৰৰ পেগুৰ ঘৰ বিশ্বনাথ জিলাৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত ১নং বগীসূতি গাঁৱত। কৰ্মসূত্ৰলৈ ২৯ বছৰীয়া শংকৰ পেগু নামৰ যুৱকজন কিছুদিন পূৰ্বে অৰুণাচল প্ৰদেশৰ ৰয়িঙলৈ গৈছিল। অভিযোগ অনুসৰি, বিগত ১৩ জুলাইত কাম সংক্ৰান্তত কোনো কথাত কাজিয়াৰ সূত্ৰপাত হোৱাৰ পাছত অৰুণাচলৰ তাদাৰ ভাই নামৰ যুৱকজনে শংকৰ পেগুক নৃশংসভাৱে গুলীয়াই হত্যা কৰে। মূৰ আৰু ভৰিত গুলী মৰাৰ পাছতে তাদাৰ ভাই তেওঁক ৪০০ কিলোমিটাৰ দূৰত অৱস্থিত নাহৰলগুনৰ TRIHMS লৈ যায়। য’ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। এই ঘটনাৰ পাছতে তাদাৰ ভাই আত্মসমৰ্পন কৰে আৰু আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। এই ঘটনা সংঘটিত হোৱাৰ পিছতে জাঙুৰ খাই উঠিছে কেইবাটাও দল-সংগঠন ৷ সকলোৱে একেমুখে এই ঘটনাৰ গৰিহণা দি ন্যায় বিচাৰি আৰম্ভ কৰিছে প্ৰতিবাদ ৷ বিশেষকৈ টি এম পি কে, এম এম কে, টি এম এম কে আদিকে ধৰি মিচিং জাতীয় সংগঠনসমূহে অসম-অৰুণাচল সীমান্তৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ দিনজোৰা কাৰ্যসূচীৰে অৱৰোধ কৰে ৷ জোনাই জিলা সমিতিৰ সহযোগত অনুষ্ঠিত এই পথ অৱৰোধ কাৰ্যসূচী পুৱা ৭ বজাৰ পৰা ৰুকচিন গেটত আৰম্ভ হয় ৷ উল্লেখ্য যে, ১৩ জুলাইত শংকৰ পেগু হত্যা কাণ্ডৰ বলি হোৱাৰ বিপৰীতে কিছুদিন পূৰ্বে অৰ্থাৎ বিগত ১৮ জুনত অৰুণাচলত কৰ্মসূত্ৰে থকা জোনাইৰ প্ৰভাস দলে নামৰ আন এজনকো হত্যা কৰা হৈছিল।ইটানগৰৰ সমীপৰ চিম্পুত টাই জন নামৰ এজন যুৱকে দাৰে ঘপিয়াই নৃশংসভাৱে প্ৰভাস দলেক হত্যা কৰিছিল। এনেধৰণৰ ঘটনাই অসম-অৰুণাচল সীমান্তত থকা অসমীয়া লোকসকলৰ নিৰাপত্তা সম্পৰ্কে গভীৰ প্ৰশ্ন উত্থাপন কৰিছে। জনসাধাৰণে চৰকাৰক এই হত্যাকাণ্ডসমূহত কঠোৰ হস্তক্ষেপ কৰাৰ আহ্বান জনাইছে আৰু দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবী তুলিছে।এই দুই যুৱকৰ হত্যাৰ ন্যায় বিচাৰি আজি টকম মিছিং পোৰিন কেবাং (টিএমপিকে), মিছিং মিমাগ কেবাং (এমএমকে) আৰু টাকাম মিছিং মিমে কেবাং (টিএমএমকে)ৰ যৌথ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন হয়।