অৰুণাচলত ৭০০ মেগাৱাট প্রকল্প নিৰ্মাণৰ প্রস্তাৱত অনুমোদন মোদী কেবিনেটৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ব্ৰহ্মপুত্ৰৰ উপৰিভাগত চীনে নির্মাণ কৰিবলগীয়া বৃহৎ নদীবান্ধক প্রত্যাহ্বান জনাই অৰুণাচল প্রদেশত নিৰ্মাণ কৰিবলগীয়া জলবিদ্যুৎ প্রকল্পত অনুমোদন মোদী কেবিনেটৰ। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্রীয় কেবিনেটে অৰুণাচল প্ৰদেশৰ চি য়োনি জিলাত ৭০০ মেগাৱাট টাটো-২ জলবিদ্যুৎ প্রকল্প নিৰ্মাণৰ প্রস্তাৱত অনুমোদন জনায়। বিনিয়োগ প্রস্তাৱত অনুমোদন জনোৱা এই জলবিদ্যুৎ প্রকল্পটোৰ ব্যয় ৮,১৪৬.২১ কোটি টকা। ৬ বছৰৰ ভিতৰত এই প্রকল্পটো সম্পূৰ্ণ কৰা হ’ব। এই জলবিদ্যুৎ প্রকল্পটোত নেচনেল গ্রিডে সহায় কৰাৰ লগতে নীপকো আৰু অৰুণাচল প্ৰদেশৰ যৌথ উদ্যোগত নিৰ্মাণ কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰে এই প্ৰকল্পটো নির্মাণ কৰোঁতে পথ, দলং আৰু সহযোগী সৰবৰাহৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ৪৫৮.৭৯ কোটি টকা আগবঢ়াব। তদুপৰি ৰাজ্য চৰকাৰক ইকুইটি শ্বেয়াৰ হিচাপে বিত্তীয় সাহায্য ৪৩৬.১৩ কোটি টকা প্রদান কৰিব। এই বিদ্যুৎ প্রকল্পটোৰ জৰিয়তে ৰাজ্যখনে ১২ শতাংশ বিদ্যুৎ লাভৱান্বিত হ’ব। মন কৰিবলগীয়া যে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ লক্ষ্য আৰু উদ্দেশ্য সফল কৰাৰ লক্ষ্যৰেই এই প্রকল্পটো নির্মাণ কৰা হ’ব।