অৰুণাচলত দুৰ্ঘটনাত নিহত শ্ৰমিকৰ পৰিয়ালক সাহায্য প্ৰদান মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অৰুণাচলৰ অঞ্জাব জিলাৰ হায়ুলিয়াঙত সংঘটিত শোকাৱহ পথ দুর্ঘটনাত নিহত চাহ শ্ৰমিকৰ পৰিয়ালক সাক্ষাৎ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে তিনিচুকীয়াৰ গেলাপুখুৰীত উপস্থিত হৈ মুখ্যমন্ত্রী ড° শর্মাই ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দুৰ্ঘটনাটোত নিহতসকলৰ নিকটাত্মীয়ক ৫ লাখ টকাকৈ এককালীন আর্থিক অনুদানৰ চেক আনুষ্ঠানিকভাৱে আগবঢ়ায়। আহত ব্যক্তিগৰাকীক চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা এক লাখ টকাৰ আৰ্থিক সাহায্য প্রদান কৰা হয়। আনহাতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও প্রতিটো দুৰ্ভগীয়া পৰিয়াললৈ ২ লাখ টকাকৈ এককালীন সাহায্য আগবঢ়াব বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে ৮ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্ত অঞ্চল আঞ্জাও জিলাৰ হায়ুলিয়াঙত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছিল । উক্ত শোকাৱহ দুৰ্ঘটনাই দেশজুৰি জোকাৰণিৰ সৃষ্টি কৰিছিল । এখন ট্ৰাকত অসমৰ তিনিচুকীয়াৰ পৰা কৰ্মসূত্ৰে যোৱা এটা ২০ জনীয়া দলৰ এই দুৰ্ঘটনাটোত মৃত্যু হৈছিল । আনহাতে, কথমপি প্ৰাণৰক্ষা পৰে এগৰাকী শ্ৰমিকৰ ।মৃত্যু হোৱা ২০ গৰাকীৰ ভিতৰত গেলাপুখুৰী চাহ বাগিচাৰ ১৩নং লাইনৰ ১৬ গৰাকী, গটঙৰ এগৰাকী, লিম্বুগুৰিৰ এগৰাকী, ধেলাখাট চাহ বাগিচাৰ এগৰাকী আৰু গাড়ীখনৰ চালকগৰাকী ন-পুখুৰীৰ আছিল । মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰথমে শোকাৱহ দুৰ্ঘটনাটোত মৃত্যু হোৱা ২০ জন লোকৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰে । পৰিয়ালবৰ্গক সাক্ষাৎ কৰাৰ লগতে মৃতকৰ আত্মাৰ সদগতিৰ কাৰণে ২ মিনিট সময় মৌন প্ৰাৰ্থনা কৰে ।

এই সাক্ষাৎকালতে মুখ্যমন্ত্ৰীয়ে নিহত শ্ৰমিকৰ যিসমূহ পৰিয়ালে এতিয়াও অৰুণোদয় আঁচনি বা ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰা নাই, তেনে পৰিয়ালসমূহক অতি সোনকালে এই সুবিধা প্রদান কৰিবলৈ জিলা আয়ুক্তক নির্দেশ দিয়ে। লগতে দুৰ্ভগীয়া পৰিয়ালসমূহৰ সন্তানৰ পঢ়া-শুনাৰ বাবেও প্রয়োজনীয় সহায় আগবঢ়াবলৈ জিলা প্রশাসনক নির্দেশ দিয়ে। দুর্ঘটনা সন্দর্ভত মুখ্যমন্ত্রী ড° শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়- অৰুণাচল প্ৰদেশলৈ অসমৰ চাহ শ্রমিকক বিভিন্ন সময়ত লৈ যোৱাটো চৰকাৰৰ বাবে চিন্তাৰ বিষয় হৈ আছে। তিনিচুকীয়া জিলাৰ বহু চাহ শ্রমিকৰ সন্তানে খুব কম সময়তে স্কুলৰ পৰা আঁতৰি আহি অৰুণাচল বা সীমান্ত অঞ্চলত কাম কৰিবলৈ গুচি যায়। এইক্ষেত্রত আর্থিক সমস্যাও মূল কাৰক হিচাপে দেখা দি আহিছে। দুখীয়া শ্রমিকসকলে ঘৰ চলাবলৈ এনেদৰে কাম কৰিবলৈ ওলাই অহাটো যথেষ্ট উদ্বেগৰ বিষয়। শ্রমিকসকলৰ ইচ্ছা নাথাকিলে পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে সন্তানসকলক এনে কামৰ বাবে পঠিয়াবলৈ বাধ্য হয়। এইক্ষেত্ৰত চৰকাৰে অচিৰেই গ্ৰহণ কৰিব পদক্ষেপ। বিশেষকৈ কোনোধৰণৰ অনুমতি নোহোৱাকৈ লৈ যোৱা, সামাজিক নিৰাপত্তা নথকা যি ব্যৱস্থা হৈ আছে সেয়া কোনো কাৰণতে গ্রহণযোগ্য নহয়। এইক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। যাতে নিয়ম-নীতিৰ মাজেৰে শ্ৰমিকসকল কাম কৰিবলৈ যাব পাৰে। শ্রমিকসকলে যাতে প্রাপ্য সুবিধা লাভ কৰে আৰু জীৱনৰ নিৰাপত্তা লাভ কৰে সেই দিশটোত চৰকাৰে নিশ্চিত ব্যৱস্থা গ্রহণ কৰিব।

মুখ্যমন্ত্ৰীয়ে ইয়াকো উল্লেখ কৰে যে চাহ বাগানৰ পৰা মানৱ সৰবৰাহৰ এক অভিযোগ দীর্ঘদিনৰ পৰা উঠি আছে। কিন্তু মূল কথাটো হ’ল বহু চাহ বাগিচাৰ শ্রমিক অথবা যুৱকসকলে কাম কৰিবলৈ ঘৰৰ অনুমতি লৈও যোৱাৰ নজিৰ আছে। যেতিয়া ঘৰৰ যুৱকজন ক’লৈ গৈছে সেয়া পৰিয়ালৰ লোক জ্ঞাত হয়, তেতিয়া ইয়াক মানৱ সৰবৰাহৰ দৃষ্টিৰে চাব পৰা নাযায়। কোনোবাই প্রলোভন দি নিলেহে সেয়া মানৱ সৰবৰাহৰ দৃষ্টিত পৰিব। ইফালে বহিঃৰাজ্যলৈ কাম কৰিবলৈ যোৱা বিষয়টো সন্দর্ভত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে উদ্যোগীকৰণৰ পৰিৱেশ সৃষ্টি হ’লেহে এই সমস্যাৰ অন্ত পৰিব। বহু সময়ত মই অসমত উদ্যোগীকৰণৰ পৰিৱেশ সৃষ্টি কৰাৰ কথা কৈ আহিছোঁ। উদ্যোগীকৰণৰ পৰিৱেশ সৃষ্টি নহ’লে চাহ শ্রমিকসকল বাহিৰলৈ কাম কৰিবলৈ গৈয়েই থাকিব। সেয়েহে ৰাজ্যত উদ্যোগীকৰণ হ’ব লাগে আৰু ৰাইজে সহযোগ কৰিব লাগে। উদ্যোগীকৰণৰ বাবে অহা লোকক আক্ৰমণৰ পৰিৱৰ্তে আদৰণি জনাব লাগে। অসমত যদি উদ্যোগ স্থাপন আমি কৰিব নোৱাৰোঁ, শ্ৰমিকসকলে কামৰ তাড়নাত বাহিৰলৈ গৈয়েই থাকিব আৰু সদায়ে এটা অনিশ্চিত ভৱিষ্যতৰ সন্মুখীন হৈয়েই থাকিব। এই সাক্ষাৎকালত মুখ্যমন্ত্রীক সংগ প্রদান কৰে মন্ত্ৰী পীযূষ হাজৰিকা, বিমল বড়া, ৰূপেশ গোৱালা, বিধায়ক সঞ্জয় কিষাণ, বলীন চেতিয়া, ভাস্কৰ শৰ্মা, পোনাকণ বৰুৱাকে ধৰি প্ৰশাসনৰ বিষয়াসকলে।
