অৰুণাচলত আছাম ৰাইফল আৰু আলফা স্বাধীনৰ মাজত সংঘৰ্ষ

অৰুণাচলত আছাম ৰাইফল আৰু আলফা স্বাধীনৰ মাজত সংঘৰ্ষ

ৰঙিলী বাৰ্ত্তাসেৱা- অৰুণাচলৰ নামচাইত আছাম ৰাইফলছ আৰু আলফা স্বাধীনৰ মাজত সংঘৰ্ষ সংঘটিত হয়। আছাম ৰাইফলছৰ গুলীত নিহত আলফা(স্বাঃ)ৰ এজন কেডাৰ। জানিব পৰা মতে বুধবাৰে নিশা আছাম ৰাইফল, অৰুণাচল আৰক্ষী আৰু আলফা স্বাধীনৰ মাজত তুমুল সংঘৰ্ষ সংঘটিত হয় ৷ সংঘৰ্ষত থিতাতে নিহত হয় আলফা স্বাধীনৰ কেডাৰ আই ওৱান অসম ওৰফে কন্তি ওৰফে অভিকেশৰ মৰাণ । নিহত আই ওৱান ঘৰ তিনিচুকীয়াৰ কৰদৈগুৰীত ৷ প্ৰায় ৭ জনীয়া আলফা স্বাধীনৰ দলৰ লগত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘটিত হৈছিল গুলীয়াগুলী ৷ নিৰাপত্তাৰক্ষীৰ সূত্ৰ অনুসৰি ১৭ অক্টোবৰত কাকপথাৰৰ সেনা শিবিৰত আক্ৰমণৰ সৈতে জড়িত আছিল উক্ত আলফা স্বাধীনৰ দলটো ৷ নিহত আলফা কেডাৰজনৰ পৰা উদ্ধাৰ কৰা হৈছে এটা HK ৰাইফল, এটা গ্ৰেনেড আৰু এটা বেগ ৷ বেগটোত উদ্ধাৰ কৰিছে বহু আপত্তিজনক সামগ্ৰী ।নিশা আন্ধাৰৰ বাবে দলটোৰ বাকী সদস্যসকলে পলায়ন কৰিবলৈ সক্ষম হয়। এনকাউণ্টাৰ ছাইটৰ পৰা পলায়ন কৰা আন উগ্ৰপন্থীসকলৰ সন্ধান অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীয়ে। উল্লেখযোগ্য যে, ১৮ অক্টোবৰত কাকপথাৰৰ সেনাৰ শিৱিৰত এখন ট্ৰাকত আলফা স্বাধীনৰ এটা দলে আহি আৰ পি জি নিক্ষেপ কৰাৰ লগতে গুলীবৰ্ষণ কৰিছিল। উক্ত আক্ৰমণত ভাৰতীয় সেনাৰ দুগৰাকী জোৱান আঘাতপ্ৰাপ্ত হৈছিল। ‘অপাৰেচন প্ৰতিশোধ’ (Operation Vegeance) নামেৰে এই আক্ৰমণ অভিযানৰ নামকৰণ কৰিছিল আলফা স্বাধীনে। আলফা স্বাধীনে বিবৃতিযোগে প্ৰকাশ কৰিছিল এই কথা । তাৰ পাছতে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটা দলে আলফা স্বাধীনৰ দলটোৰ বিৰুদ্ধে অভিযান চলায় । উক্ত অভিযানৰ অংশস্বৰূপে বুধবাৰে নিশা অৰুণাচল প্ৰদেশৰ নামচাইত সংঘটিত হয় সংঘৰ্ষ।