অৰুণাচলক লৈ চীনক সমর্থন চিৰবৈৰী পাকিস্তানৰ
ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ-পূৰ্বাঞ্চলৰ ভূমি অৰুণাচল প্রদেশক সদায়ে নিজৰ মানচিত্ৰৰ অধীন বুলি দাবী কৰি অহা চীনৰ পক্ষত এইবাৰ আনুষ্ঠানিকভাৱে থিয় দিলে চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানে। পাকিস্তানৰ বৈদেশিক মন্ত্রালয়ৰ মুখপাত্র তাহিৰ আন্দ্ৰাবিয়ে অৰুণাচলক লৈ মুকলিকৈ চীনক সমর্থন জনাইছে। চিৰবৈৰী ৰাষ্ট্ৰখনৰ বৈদেশিক মন্ত্ৰালয়ৰ বিষয়াজনে সংবাদ মাধ্যমৰ আগত স্পষ্টভাবে কয়- ‘সার্বভৌমত্ব তথা আঞ্চলিক অখণ্ডতা সম্পর্কীয় প্রতিটো বিষয়ৰ ক্ষেত্ৰত চীনৰ সৈতে পাকিস্তানৰ ধাৰাবাহিক পূর্ণ সমর্থন আছে।’ এই কথা উল্লেখৰ নিষ্প্রয়োজন যে বিগত সময়ছোৱাত বেইজিঙে অৰুণাচল প্ৰদেশক নিজৰ অধীন হিচাপে দাবী কৰি আহিছে। আনকি অৰুণাচল প্রদেশক বেইজিঙে ‘জাংনান’ হিচাপেও নামকৰণ কৰিছে। এই সন্দৰ্ভত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্র মাও নিঙে স্পষ্টভাৱে কৈছিল যে চীনে কেতিয়াও অৰুণাচল প্রদেশক ভাৰতৰ অংশ হিচাপে গণ্য নকৰে।
