অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত উত্তপ্ত পৰিস্হিতি: ডিব্ৰুগড়ৰ আম আদমী পাৰ্টীৰ প্ৰাৰ্থী মনোজ ধানোৱাৰক আটক

অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত উত্তপ্ত পৰিস্হিতি: ডিব্ৰুগড়ৰ আম আদমী পাৰ্টীৰ প্ৰাৰ্থী মনোজ ধানোৱাৰক আটক
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কালি নিশা গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত ডিব্ৰুগড়ত ২২-৩-২৪ আদমী পাৰ্টীৰ  সদস্য সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ডিব্ৰুগড়ত বিজেপিৰ জিলা মুখ্য কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি কাৰ্যালয়ৰ তলা ভাঙিব বিচৰাত আটক আপৰ নেতা তথা ডিব্ৰুগড় লোকসভাৰ  আম আদমী পাৰ্টীৰ প্ৰাৰ্থী মনোজ ধানোৱাৰকে আদি কৰি কেবাজনো কৰ্মী সদস্যক আটক কৰে। লোকসভা নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক  গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত ডিব্ৰুগড়ৰ আমোলাপট্টি চাৰিআলিত থকা বিজেপিৰ কাৰ্য্যালয়ৰ সন্মুখত  প্ৰতিবাদ সাব্যস্ত কৰে।  ডিব্ৰুগড়ৰ আম আদমী পাৰ্টীৰ বহু সংখ্যক কৰ্মী তথা বিষয়ববীয়াই অৰবিন্দ কেজৰিৱালক মুক্তি দিয়ক, মোদী চৰকাৰ হায় হায় আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।অৰবিন্দ কেজৰিৱালক মুক্তি নিদিয়ালৈকে ডিব্ৰুগড়ৰ আম আদমী  পাৰ্টীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি যাব বুলিও স্পষ্ট কৰি দিছে। অৱশ্যে আবেলিলৈ মনোজ ধানোৱাৰ, ভবেন চৌধুৰী আৰু ৰাজেশ শৰ্মাসহ সকলো আম আদমী পাৰ্টীৰ কৰ্ম্মকৰ্তা সকলক মুকলি কৰি দিয়ে।