অৰণ্যৰোদন – মনমোহন দাস/শ্ৰীহাটী

PC - Pythagoras.gr

অৰণ্যৰোদন

 মনমোহন দাস/শ্ৰীহাটী

সমাজৰ মাজত নিৰ্দিষ্ট সময়ত
উৎসৱ পাৰ্বন  একো নাথাকিলে
মানুহৰ মন প্রাণ গুছি যাব
সৃষ্টিত মাথোঁ অৰণ্যৰোদনলৈ
প্রকাশ পাব মানুহৰ মাজত
আত্মাত লুকাই থকা অসুৰৰ বিকৃত স্বৰূপ

হ’ব পৰিৱৰ্তন উদণ্ড  স্বভাৱলে
সেয়ে এনেকুৱা হয় মোৰ অনুভৱ
পূজা উৎসৱ সৃষ্টিত লাগিব থাকিবলৈ
মানুহৰ মন প্রাণ শান্ত হ’বলৈ
এই মাংগলিক উৎসৱ বোৰ
হয় যদি সৃষ্টিত বিলুপ্ত
সৃষ্টি খন যাব ৰসাতলে
মানৱ সভ্যতা যে আছিল
সৃষ্টিৰ দাপোনত নাথাকিব বিচাৰি পাব’লৈ
সেয়ে সকলো আগবাঢ়ি আহা
ডেকা বন্ধু মিলি জুলি ভাই
সৃষ্টি খন জীয়াই ৰাখিবলে
প্রতিজ্ঞা কৰো আমি সবে একেলগে
ধ্বংস নাহে  যাতে আমাৰ জীৱনত  ।