অহৰহ প্ৰচেষ্টাই সাফল্যৰ পথ
প্ৰাণজিৎ মজুমদাৰ,
বনিয়াপাৰা,ছয়গাঁও
মানুহৰ জীৱনত সপোন, আশা আৰু লক্ষ্য থাকে। কিন্তু সেইবোৰ পূৰণ কৰিবলৈ কেৱল প্রতিভা বা জ্ঞানেই যথেষ্ট নহয়। সপোনক বাস্তৱলৈ আনে অহৰহ চেষ্টাই। অহৰহতা অৰ্থাৎ যিকোনো কামত অবিৰতভাবে লাগি থাকিব পৰা ক্ষমতা, জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ গুণ।অহৰহতা মানুহক দৃঢ় মানসিকতা প্ৰদান কৰে। কেতিয়াবা কোনো কামৰ আৰম্ভণিত উৎসা অধিক থাকে, কিন্তু সময়ৰ লগে লগে সেই উৎসা কমি যায়। ফলত বহুজন মাজপথত কাম এৰি দিয়ে। কিন্তু যিজন ব্যক্তি ধৈৰ্য্যৰে আৰু অনৱৰত চেষ্টা কৰি আগবাঢ়ে, তেওঁ শেষত সফল হয়।অহৰহতাই বিফলতাৰ পৰা শিক্ষালাভ কৰিবলৈ সহায় কৰে। প্ৰতিটো বিফলতা এটা নতুন অভিজ্ঞতা, যি ভৱিষ্যতৰ বাবে মূলধন স্বৰূপ। যদি কোনো ব্যক্তি বিফলতাৰ পিছত হাৰ মানি লয়, তেন্তে তেওঁৰ আগৰ সকলো প্ৰচেষ্টা ব্যৰ্থ হৈ পৰে। কিন্তু অহৰহ মনোভাব থকা ব্যক্তি পুনৰবাৰ চেষ্টা কৰে আৰু এদিন লক্ষ্যত উপনীত হয়। জীৱনৰ সকলো ক্ষেত্ৰতে অহৰহতাৰ প্ৰয়োজন। পঢ়াশুনা, চাকৰি, ব্যৱসায়, ক্ৰীড়া বা শিল্প—সকলোতে অবিৰত প্ৰচেষ্টা আৰু মনোযোগে সফলতাৰ দুৱাৰ খুলে। ই মাথোঁ সময়ৰ অপেক্ষা, কেতিয়াবা অলপ দেৰিও হ’ব পাৰে, কিন্তু যিজন অহৰহ চেষ্টা কৰি থাকে, তেওঁ কেতিয়াও বিফল নহয়।অহৰহতা হৈছে সাফল্যৰ গুপ্ত চাবি। যিজন ব্যক্তি ধৈৰ্য্য, শৃংখলা আৰু দৃঢ় মনোবলৰে কামত অৱিচল হৈ থাকে, তেওঁৰ বাবে কোনো বাধাই অতিক্ৰম্য নহয়। সেয়ে ক’ব গলে—যিকোনো কামতে অহৰহ লাগি থকা উচিত, কাৰণ অবিৰত প্ৰচেষ্টাই মানুহক নিজৰ সপোন পূৰণৰ গন্তব্যলৈ লৈ যায়।