অহা ৯ নৱেম্বৰত প্ৰদান কৰা হ’ব প্রাথমিক বিদ্যালয়ৰ নিযুক্তি
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ যুৱক-যুৱতীসকললৈ এক সুখবৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভ। অহা ৯ নৱেম্বৰত প্রাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তি প্ৰদান কৰা হ’ব। ফেচবুক লাইভযোগে মুখ্যমন্ত্রী ড° শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। বিশেষকৈ নিযুক্তিৰ ক্ষেত্ৰত মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়া মতে, প্রাথমিক শিক্ষকৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছত ৯ নৱেম্বৰত প্ৰদান কৰা হ’ব নিযুক্তি। আনহাতে কনিষ্টবলৰ নিযুক্তিৰ সমান্তৰালকৈ চাৰি হাজাৰ কনিষ্টবল পদৰ বাবে আবেদন বিচাৰিব ৰাজ্য চৰকাৰে। চলিত মাহত অথবা ডিচেম্বৰৰ আৰম্ভণিতে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ নিযুক্তি প্রক্রিয়া সম্পন্ন কৰা হ’ব। ইফালে শেহতীয়াকৈ ঘোষিত এডিআৰই পৰীক্ষাৰ ফলাফলৰ পাছত ডিচেম্বৰৰ আৰম্ভণিতে যুৱক-যুৱতীসকলক প্ৰদান কৰা হ’ব নিযুক্তি। মুখ্যমন্ত্রী ড° শর্মাই ইয়াকো উল্লেখ কৰে যে ৰাজ্য চৰকাৰৰ নিযুক্তি প্রক্রিয়াত তিনি শতাংশ পদ চাহ বাগিচাৰ যুৱক-যুৱতীৰ বাবে সংৰক্ষিত কৰা আছে। এই সংৰক্ষিত পদসমূহত অহা ডিচেম্বৰ মাহৰ আৰম্ভণিতে চাহ বাগিচাৰ যুৱক-যুৱতীসকলক নিযুক্তি প্রদান কৰা হ’ব। ফেচবুক লাইভযোগে মুখ্যমন্ত্রীয়ে লণ্ডনৰ পৰা বৃন্দাবনী বস্ত্র অসমলৈ অনাৰ প্ৰসংগ উত্থাপন কৰি কয় যে বৃন্দাবনী বস্তু অসমলৈ অনাৰ প্ৰচেষ্টাৰ অংশস্বৰূপে ১৬ আৰু ১৭ নৱেম্বৰত লণ্ডনত উপস্থিত হৈ তেওঁ বিষয়টো লণ্ডন মিউজিয়ামৰ সৈতে আলোচনা কৰিব। অহা ৬মাহৰ বাবে বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ প্ৰক্ৰিয়া কিদৰে আৰম্ভ কৰিব পৰা যায়, সেই সন্দর্ভতো আলোচনা কৰিব। মুখ্যমন্ত্ৰীয়ে অহা ১০ ডিচেম্বৰত গুৱাহাটীৰ বৰাগাঁৱত নিৰ্মাণ সম্পূৰ্ণ হোৱা শ্বহীদ স্মাৰক উদ্বোধন কৰা হ’ব বুলি ঘোষণা কৰে। শ্বহীদ স্মাৰক উদ্বোধনৰ আগদিনা ৯ ডিচেম্বৰত ৰাজ্যবাসীক অসম আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰি এগছিকৈ বন্তি জ্বলাবলৈও আহ্বান জনায়। মুখ্যমন্ত্রীয়ে অহা ১০ নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডযোগে দুখীয়া পৰিয়ালসমূহক ১১৭ টকাত এক কিলোগ্রামকৈ দাইল-চেনি-নিমখ দিয়া হ’ব বুলি ঘোষণা কৰে। অৰুণোদয় আঁচনিৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়- একাংশ মুছলমান মহিলাই অৰুণোদয় আঁচনি নালাগে বুলি কৈছে। কিন্তু তেওঁলোকে আনুষ্ঠানিকভাৱে লাভ কৰি থকা অৰুণোদয়ৰ ধন লোৱাটো বন্ধ কৰা নাই। অৰুণোদয় আঁচনিয়ে অসমৰ মহিলা সমাজক সন্মান দিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনিৰ ফলত বহু মহিলা উপকৃত হৈছে। সেয়েহে চৰকাৰে অহা ১ জানুৱাৰীৰ পৰা ৰেচন কাৰ্ডত এক কিলোগ্রামকৈ দাইল-নিমখ-চেনি ১০০ টকাত দিয়াৰো সিদ্ধান্ত লৈছে। ইফালে উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্রী ড° শৰ্মাই প্রশ্ন কৰে যে কোনো কাৰণতে উচ্ছেদ অভিযান বন্ধ নহয়। অহা ৯-১০ ডিচেম্বৰত ৰহিকটা বনাঞ্চলত পুনৰ চলিব উচ্ছেদ অভিযান।
