অহা ৭ দিনৰ ভিতৰত ঘোষণা কৰা হ’ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকাঃমুখ্যমন্ত্ৰী

অহা ৭ দিনৰ ভিতৰত ঘোষণা কৰা হ’ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকাঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে  অহা ৭-৮ দিনৰ ভিতৰত বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হ’ব। এই মন্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। তেজপুৰত অনুষ্ঠিত এক কাৰ্যসূচীৰ অন্তত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়, মই ভাবো যে আৰু ৭দিনৰ ভিতৰত প্ৰাৰ্থী ঘোষণা হৈ যাব।মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে দলৰ ভিতৰত প্ৰাৰ্থী নিৰ্বাচন প্ৰক্ৰিয়া প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে। জয়ৰ সম্ভাৱনাক প্ৰাধান্য দি প্ৰাৰ্থী নিৰ্বাচন কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা-অব্যাহত থকাৰ কথাও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই লগতে কয় যে বিজেপি দলে আসন্ন বিধানসভা নির্বাচন ব’হাগ বিহুৰ পূর্বেই অনুষ্ঠিত হোৱাটো বিচাৰিছে। এই  সম্পর্কত নির্বাচন আয়োগক দিয়া স্মাৰক-পত্রত এই বিষয়ে উল্লেখ কৰিছে। অসমত এইবাৰ বিধানসভা নির্বাচন কেইটা পর্যায়ত অনুষ্ঠিত হ’ব এই সম্পর্কত নির্বাচন আয়োগে সিদ্ধান্ত গ্রহণ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে বিজেপি দলৰ হোৱা আলোচনাত আয়োগে এই সম্পর্কত কোনো মতামত গ্রহণ কৰা নাই। সেইদৰে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক বিজেপিত ল’বলৈ অস্বীকাৰ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে গৌৰৱ গগৈ, ৰকিবুল হুছেইন য’ত আছে, তাতে থাকক। ৰকিবুল হুছেইনক বিজেপিত ল’লে কাজিৰঙাৰ গঁড়কেইটাই বেয়া পাব বুলি তীব্র কটাক্ষ কৰে। একেদৰে ২০৩১ চনত অখিল গগৈৰ ৰাইজৰ দলে প্রধান বিৰোধীৰ স্থান ল’ব পাৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ইয়াৰ বাবে অখিল গগৈ কিছু মেছিয়র্ড হ’ব লাগিব। তেতিয়াহ’লে ২০৩১ চনত কংগ্ৰেছৰ মুছলমান ভোটাৰৰ সমৰ্থন অখিল গগৈৰ ৰাইজৰ দললৈ যোৱাৰ সম্ভাৱনা আছে। অনুৰূপ ধৰণে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে হিন্দু ধর্ম সন্দর্ভত মুখ্যমন্ত্রী ড° শর্মাক বিতৰ্কৰ বাবে প্ৰত্যাহ্বান জনোৱাৰ প্ৰসংগত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে গৌৰৱ গগৈৰ লগত তেওঁ কি বিতৰ্ক কৰিব? হিন্দুৰ ওপৰত গৌৰৱ গগৈয়ে কি বিতৰ্ক কৰিব? যাৰ সন্তানেই হিন্দু নহয়, তেওঁৰ প্ৰভাৱত পৰি যদি মোৰো ধৰ্ম সলনি হৈ যায়, তাৰ বাবে তেওঁৰ পৰা দূৰত থাকিব লাগিব। ধৰ্মৰ ওপৰত গৌৰৱ গগৈৰ লগত বিতৰ্ক কৰিলে হাঁহি উঠা কথা হ’ব। আনহাতে অসমীয়াৰ কৰ্মবিমুখতাৰ বিষয়ে ক’বলৈ গৈ মুখ্যমন্ত্রী ড° শর্মাই কয় যে জয় আই অসম কোনো মন্ত্র নহয় যে ৰাতিপুৱা মন্ত্ৰ মাতিলেই ভগৱানে আমাক সহায় কৰিব। অসম আন্দোলনৰ সময়ৰ পৰা অসমীয়াই কাম-কাজ এৰি শ্লোগান দিবলৈ শিকিলোঁ আৰু আনসকলে কাম কৰিবলৈ ল’লে। কিন্তু শ্লোগানে এটা জাতিক বচাব নোৱাৰে। মই মনৰ পৰা কাকো বেয়া নাপাওঁ। কিন্তু যেতিয়া কোনোবাই সংবাদ মেলত আমি কাম নকৰিলে অসমীয়া নাখাই মৰিব বুলি কয়, তেতিয়া অসমীয়া জাতিৰ ওপৰত দিয়া এই বদনাম মোৰ সহ্য নহয়। ধিঙত হোৱা এটা ধৰ্ষণৰ ঘটনাৰ প্ৰতিবাদ শিৱসাগৰত হওঁতে নগাঁৱত ঘোষণা কৰিলে- শিৱসাগৰলৈ মাছ নপঠিয়াও বুলি। বাংলাদেশৰ পৰা অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ বাবে আহি থিতাপি লোৱা মিঞা মুছলমানে এতিয়া কাম নকৰিলে অসমীয়াই নাখাই মৰিব বুলি ক’ব পৰা হ’ল। অসম আন্দোলনৰ সময়তে অসমৰ যুৱক-যুৱতীক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ এক আন্দোলন গঢ় লৈ উঠিব লাগিছিল। অসমীয়া যুৱক- যুৱতীয়ে সেই সময়ত ৰাজপথত নামি আন্দোলন কৰিলে আৰু এটা বিশেষ সম্প্রদায়ে খেতি আৰু ব্যৱসায়ত নামি পৰিল। অসমীয়া যুৱক-যুৱতীয়ে ব্যৱসায় আৰু অৰ্থনীতি নিজৰ হাতলৈ আনিব লাগিব বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে বিজেপি চৰকাৰে অসমত সফল ব্যৱসায় আৰু সফল উদ্যোগী নিৰ্মাণ কৰিব। অসমীয়া যুৱক-যুৱতীয়ে কর্মসংস্কৃতি শিকিবই লাগিব। মিঞা মুছলমানে সংবাদ মেল পাতি হুংকাৰ দিলে অসমীয়া হিচাপে মই লাজ পাওঁ। মুখ্যমন্ত্রী ড° শৰ্মাই আৰু কয় যে মোৰ অনুমোদন নহ’লে এতিয়া কোনো হিন্দুৱে মুছলমানক মাটি বেচিব নোৱাৰে আৰু মুছলমানৰ পৰা মাটি কিনিবও নোৱাৰে। কিন্তু মই দেখিছোঁ হিন্দুৰ পৰা মাটি কিনিবলৈ বিচৰা ৯০জনেই মুছলমান। ইয়াৰ কাৰণ আমাৰ হাতত টকা নাই। অসমীয়া মানুহে মাটি বিক্ৰী কৰি শেষ কৰিলে। আমাৰ মানুহে এতিয়া মাটি দখল কৰিলেই জিলা আয়ুক্তই জাননীৰ উপৰি জাননী দিয়ে। কিন্তু মিএা মুছলমানে ৰাজ্যৰ ৪০ বিঘা মাটি বেদখল কৰিছে। এইবাৰ ডেৰ লাখ বিঘা মাটি বেদখলমুক্ত কৰিলোঁ। অহাবাৰ ৫ লাখ বিঘা মাটি বেদখলমুক্ত কৰিম। এতিয়া উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ আধাৰত মুকলিকৈ উচ্ছেদ কৰিম আৰু খিলঞ্জীয়া আৰু জনজাতীয় লোকৰ দখলত থকা ভূমিপট্টা প্রদান কৰা হ’ব। আনহাতে লাচিত বৰফুকনৰ সৈতে মোগলৰ বিৰুদ্ধে যুদ্ধ কৰা কোনো বাঘ হাজৰিকাৰ নাম বুৰঞ্জীত উল্লেখ নাই বুলি দোহাৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে বাঘ হাজৰিকা এটা কাল্পনিক চৰিত্ৰ। সাঁচিপাতৰ পাত লুটিয়াই তেনে কোনো নাম বিচাৰি পোৱা নাই। গুৱাহাটীত মুকলি কৰিবলগীয়া শৰাইঘাটৰ ৰণৰ স্মৃতিত নাথাকিব বাঘ হাজৰিকাৰ নাম। বাঘ হাজৰিকাৰ নাম সাঁচিপাতত লিখা নাই। আমাৰ বুৰঞ্জীও সলনি কৰা হৈছে। যিসকলৰ নাম সাঁচিপাতৰ বুৰঞ্জীত উল্লেখ আছে, তেওঁলোকৰ নাম আমাক পঢ়োৱাই নহ’ল। লাচিত বৰফুকনৰ উপ-সেনাপতি হিচাপে যে এজন মিচিং জনগোষ্ঠীৰ বীৰে যুঁজ কৰিছিল, তেওঁৰ নাম আমাক নকৈ কোৱা হ’ল বাঘ হাজৰিকাৰ নাম। উল্লেখ্য যে মুখ্যমন্ত্রী ড° শর্মাই আজি তেজপুৰৰ ঐতিহাসিক গড়দৌলৰ সমীপত আয়োজিত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম-২.০ৰ অধীনত শোণিতপুৰ, দৰং আৰু বিশ্বনাথ চাৰিআলি জিলাৰ মুঠ ৬,৫৬১ গৰাকী উদ্যমী যুৱক-যুৱতীক প্রথম কিস্তিৰ ৭৫ হাজাৰ টকাৰ চেক আনুষ্ঠানিকভাৱে মুখ্যমন্ত্রী ড° শর্মাই বিতৰণ কৰে। এই অনুষ্ঠানত মন্ত্রী অশোক সিংহল, সাংসদ ৰঞ্জিত দত্ত, বিধায়ক পৃথ্বিৰাজ ৰাভা, গণেশ লিম্বু, কৃষ্ণকমল তাঁতী, দিগন্ত ঘাটোৱাল, উৎপল বৰা, প্রমোদ বৰঠাকুৰ আদি উপস্থিত থাকে।